অসম

assam

ETV Bharat / state

টিংখাঙত আন্তঃৱাৰ্ড ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি - Football tournament concludes in Tingkhang

টিংখাঙত দুভৰিৰ মহাৰণ(Football Tournament at Tingkhang) । দুভৰিৰ যাদু চাবলৈ খেলপথাৰত সহস্ৰাধিক দৰ্শক । দৰ্শকৰ চিঞৰ, হৰ্ষোল্লাসৰ মাজত দুই দলৰ মৰণপন যুঁজ । যেন এখন ক্ষুদ্ৰ ISLহে ।

football competition is end at tingkhong
টিংখাঙত আন্তঃৱাৰ্ড ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

By

Published : Sep 26, 2022, 2:01 PM IST

টিংখাং,২৬ ছেপ্টেম্বৰ:অসমৰ গাঁৱে-গাঁৱে এতিয়া দেখিবলৈ পোৱা গৈছে ফুটবলৰ জ্বৰ । ফুটবল বুলিলেই যেন এক উন্মাদনা,এক বুজাব নোৱাৰা অনুভূতি । টিংখাঙৰ গ্ৰাম্যাঞ্চলতো দেখা পোৱা গৈছে একেই পৰিবেশ । দেওবাৰে টিংখাঙৰ শলগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজিত আন্তঃৱাৰ্ড ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি পৰে(Football Tournament at Tingkhang) ।

মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন মূড়াগজালি ফুটবল দল আৰু সৰোজিনী চাহ বাগিচা ফুটবল দলৰ মাজত অনুষ্ঠিত হয় । তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত মূড়াগজালি ফুটবল দলে সৰোজিনী চাহ বাগিচা ফুটবল দলক ৪-৩ গলত পৰাজিত কৰে ৷ যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা আন্তঃ ৱাৰ্ড ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে শলগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত নৃত্য-গীতৰ মাজেৰে আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হয় (Football tournament concludes in Tingkhang)।

টিংখাঙত আন্তঃৱাৰ্ড ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

চূড়ান্ত খেলখনত আন্তঃৰাষ্ট্ৰীয় প্ৰখ্যাত ফুটবলাৰ টচেন বৰা,ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মনোজ সিঙকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বলত কিক মাৰি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ফুটবলাৰ টচেন বৰাই ৷ দুয়োটা দলৰ মাজত আৰম্ভণিৰে পৰা এখন আকৰ্ষণীয় খেল অনুষ্ঠিত হয় ৷

প্ৰথমাৱস্থাত সৰোজিনী চাহ বাগিচা দলে অগ্ৰগতি লাভ কৰে যদিও শেষ মূহুৰ্তত তীব্ৰ উত্তেজনাপূৰ্ণ খেলত মূড়াগজালি ফুটবল দলে সৰোজিনী চাহ বাগিচা ফুটবল দলক ৪-৩ গলত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । মূড়াগজালি দলৰ মনোজ মুৰাই শ্ৰেষ্ঠ গ'ল ৰক্ষক আৰু অৰুণ মুৰাই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে ৷ বিজয়ী আৰু বিজিত দলক ধনৰ চেক আৰু ট্ৰফী প্ৰদান কৰা হয় ৷ তীব্ৰ উত্তেজনাপূ্ৰ্ণ খেলখনত সহস্ৰাধিক দৰ্শকৰ বিপুল উৎসাহ দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক:কাজিৰঙাত চিন্তন বৈঠকৰ আজি তৃতীয় তথা অন্তিমটো দিন

For All Latest Updates

ABOUT THE AUTHOR

...view details