অসম

assam

ETV Bharat / state

সোণাৰিত বিশ্ব হৃদ দিৱস উদযাপন - স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক

বুধবাৰে সমগ্ৰ বিশ্বজুৰি ‘বিশ্ব হৃদ দিৱস’ উদযাপন কৰা হয় ৷ শৰীৰটো সুস্থ-সবল কৰি ৰাখিবলৈ হৃদযন্ত্ৰ সুস্থ ৰখাতো গুৰুত্বপূৰ্ণ । হৃদযন্ত্ৰৰ গুৰুত্ব সম্পৰ্কে সকলোকে অৱগত কৰিবলৈ প্ৰতিবছৰে 29 ছেপ্টেম্বৰৰ দিনটো ‘বিশ্ব হৃদযন্ত্ৰ দিৱস’ হিচাপে উদযাপন কৰা হয় ।

International Heart Day celebrated at Charaideo
সোণাৰিতো বিশ্ব হৃদ দিৱস উদযাপন কৰা হয়‌

By

Published : Sep 30, 2021, 8:54 AM IST

মৰাণ, 30 ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত বুধবাৰে বিশ্ব হৃদ দিৱস উদযাপন কৰা হয় । সোণাৰি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইয়াৰ উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয় । সভাত স্থানীয় জনতা, আশা কৰ্মী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে একাধিক দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে ৷

সোণাৰিত বিশ্ব হৃদ দিৱস উদযাপন

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নিজৰা দেৱী, মহকুমা স্বাস্থ্য বিষয়া ডাঃ দ্বৰিকা চাহু আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ জিলা আঁচনি বিষয়া অভিজিৎ শৰ্মা উক্ত সভাত উপস্থিত থাকি হৃদযন্ত্ৰক সুৰক্ষা দিয়াৰ বিষয়ত বিস্তৃত বক্তব্য আগবঢ়ায় ।

সোণাৰিত বিশ্ব হৃদ দিৱস উদযাপন

উল্লেখ্য যে, সমগ্ৰ বিশ্বত কাৰ্ডিঅ' ভাস্কুলা(Cardiovascular)ৰ ৰোগৰ ফলত বছৰি ১৮.৬ নিযুত লোকৰ মৃত্যু হয় । স্বাস্থ্যকৰ আহাৰ গ্ৰহণ, নিয়মিত ব্যায়াম আৰু স্বাস্থ্য পৰীক্ষাৰে হৃদৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায় ।

লগতে পঢ়ক :বিশ্বৰ বজাৰলৈ মাজুলীৰ ৰঙা বাও চাউল

ABOUT THE AUTHOR

...view details