মৰাণ, ১২ নৱেম্বৰ:অহা২০২৩ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ মহোৎসৱ (International Film and Documentary Festival)। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে NIDFFৰ (North East International Documentry Film Festival) উদ্যোগত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ।
এই সন্দৰ্ভত শুক্ৰবাৰে এক সংবাদমেলত NIDFFৰ উদ্যোক্তাসকলে কয় যে অহা ৪ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱত বিদেশৰ কেইবাখনো ছবি প্ৰদৰ্শন কৰা হ'ব । অসমীয়া ছবি নিৰ্মাণৰ হাৰ ত্বৰান্বিত কৰা,নৱ প্ৰজন্মক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আকৃষ্ট কৰা আৰু অসমীয়া কথাছবি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছে ।
উদ্যোক্তাসকলে কয় যে Red Cardinal Motion Pictureৰ বেনাৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনিৰ আয়োজন কৰা হৈছে । ডিএইচএছকে মহাবিদ্যালয়ৰ সহযোগত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৫ দিনীয়াকৈ আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব (Kanoi College of Dibrugarh) ।