মৰাণ,29 ডিচেম্বৰ:ডিব্ৰুগড় জিলাৰ মৰাণৰ এগৰাকী সুদক্ষ শিপিনী হৈছে হেমপ্ৰভা চুতীয়া ৷ বিগত 7 বছৰে নিৰৱচ্ছিন্নভাৱে দক্ষতাৰ পৰিচয় দি অহা শিপিনীগৰাকীয়ে তিনিখন ধৰ্মগ্ৰন্থৰো জীৱন্ত ৰূপ দাঙি ধৰিছে তাঁতশালৰ জৰিয়তে ৷ মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া গাঁৱৰ এই শিপিনীগৰাকীয়ে সাঁচতীয়া ধনকে মূলধন হিচাপে লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা, মাধৱদেৱৰ নামঘোষা আৰু মদ্ভাগৱত গীতা বৈ উলিয়াইছে কাপোৰত ৷ শিপিনীগৰাকীৰ এই সম্পদসমূহ সংৰক্ষণ কৰিবলৈ বৰ্তমান ঠাইৰ অভাৱ হৈছে বাসগৃহত ৷ সেয়ে বৰ্তমান সময়ত শিপিনীগৰাকীৰ প্ৰয়োজন হৈ পৰিছে এটি সংগ্ৰহালয়ৰ ৷
বিগত বৰ্ষত অৰ্থাৎ 2019 চনৰ 8 মাৰ্চত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিপিনীগৰাকীক এটা ক্ষুদ্ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবদ হোৱা ব্যয় আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলেয়ে আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও কাৰ্যত সেয়া হৈ নুঠিল ৷ স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে শিপিনীগৰাকীক 1 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিকোপতি কোনো সাহায্য লাভ নকৰিলে হেমপ্ৰভা চুতীয়াই ৷ সম্পদসমূহ সংৰক্ষণৰ স্বাৰ্থত শিপিনীগৰাকীয়ে ভূমি দান কৰিবলৈ সাজু হৈছে যদিও চৰকাৰৰ অৱহেলাৰ বাবে এয়া কাৰ্যত আজিও হৈ উঠা নাই ৷