অসম

assam

ETV Bharat / state

Minister Bimal Borah at Tingkhong:"সাহস আৰু প্ৰত্যয় ভৰা এদিন" কিয় বিশেষ এই অনুষ্ঠান জানক - এক বিশেষ কাৰ্যসূচী

নতুন প্ৰজন্মক উৎসাহিত কৰা উদ্দেশ্যে টিংখাঙত মন্ত্ৰী বিমল বড়াৰ উদ্যোগত অনুষ্ঠিত হ'ল "সাহস আৰু প্ৰত্যয় ভৰা এদিন" শীৰ্ষক এক বিশেষ অনুষ্ঠান ৷

inspiring and Felicitation program
বিশেষ এই অনুষ্ঠান

By

Published : Jul 29, 2023, 7:34 PM IST

বিশেষ অনুষ্ঠান

ডিব্ৰুগড়, 29 জুলাই :নতুন প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে টিংখাঙত অনুষ্ঠিত হ’ল "সাহস আৰু প্ৰত্যয় ভৰা এদিন" শীৰ্ষক এক বিশেষ কাৰ্যসূচী । উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উৎসুক আৰু অনুসন্ধিৎসু মনৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা ক্ষেত্ৰখনৰ বিশাল সম্ভাৱনাৰ সম্পৰ্কে অৱলোকন কৰি পৰিচয় কৰাই দিয়াৰ লগতে কৰ্মসংস্কৃতিৰ বাটেৰে সফল জীৱন যাত্ৰাৰ বাবে কৰণীয়খিনিৰ সম্পৰ্কত পর্যালোচনা কৰাৰ উদ্দেশ্যে টিংখাঙত অনুষ্ঠিত হয় "সাহস আৰু প্ৰত্যয় ভৰা এদিন" শীৰ্ষক কাৰ্যসূচী ।

টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ উদ্যোগত টিংখাঙৰ ভদ্ৰেশ্বৰ গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'সাহস আৰু প্ৰত্যয় ভৰা এদিন' অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থকা শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল বক্তব্য আগবঢ়াই উৎসাহ প্ৰদান কৰে । ইয়াৰ উপৰি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে আই এ এছ স্বপ্নীল পাল, আই পি এছ অংকুৰ জৈন , বিশিষ্ট উদ্যোগী শ্যামকানু মহন্ত, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহা প্ৰবন্ধক অৰূপ জ্যোতি শৰ্মায়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ।

অনুষ্ঠানত তৰল নাইট্ৰজেন বিজ্ঞান প্ৰদৰ্শন কৰে আঞ্চলিক বিজ্ঞান কেন্দ্ৰই । অগ্নিপথ আঁচনিৰ বিষয়ে অৱগত কৰে ভাৰতীয় সেনাবিহিনীৰ মেজৰ ইন্দ্ৰজিৎ যাদৱে । ইয়াৰ পিচতে শিক্ষাৰ্থী সকলৰ সৈতে ভাৰ্চুৱেলী মত বিনিময় কৰে গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে । ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি প্ৰেৰণামূলক বক্তব্য আগবঢ়াই আয়ুক্ত গৰাকীয়ে । সৰ্বভাৰতীয় পৰীক্ষা NEET, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ টিংখাং সমষ্টিৰ কৃতিমান শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানত ।

লগতে পঢ়ক :Minister Bimal Bora: শুকুৰবাৰে মাজুলীত উপস্থিত মন্ত্ৰী বিমল বৰা

ABOUT THE AUTHOR

...view details