ডিব্ৰুগড়, 19 মে’: ডিব্ৰুগড় জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত 30 লাখ টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ষ্টেট মিচন অফিছৰ তিনি বিষয়াই চলাই তালাচী অভিযান ৷ ডিব্ৰুগড়ৰ সৰ্ব শিক্ষাৰ কাৰ্যালয়ত চলে এই তালাচী অভিযান ৷ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ পাছৰ পৰাই তিনিটাকৈ গুৰুত্বপূৰ্ণ ফাইল হেৰোৱাৰ আভিযোগ কাৰ্যালয়টোৰ পৰা ৷ ইতিমধ্যে হেৰোৱা ফাইল আৰু কেলেংকাৰী সন্দৰ্ভত অধিক তথ্যৰ সন্ধানত তিনিজনীয়া দলটোৱে চলাইছে অভিযান (Dibrugarh SSA funds misuse case) ৷
কাৰ্যালয়টোৰ একাউন্ট বিভাগত সংঘটিত হোৱা এই ব্যাপক দুর্নীতিৰ তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীৰ এটা দলেও এদিন পূৰ্বে কাৰ্যালয়টোত অভিযান চলাই ৷ আৰক্ষীৰ অভিযান কালত কাৰ্যালয়টোৰ দুটা কোঠা বিশেষভাৱে তালাচী চলোৱা হৈছিল ৷ আৰক্ষীয়ে অভিযান কালত লগত লৈ গৈছিল কাৰ্যালয়টোৰ কেইখনমান গুৰুত্বপূর্ণ নথি ৷
উল্লেখ্য যে, ডিব্ৰুগড়ৰ সৰ্বশিক্ষা কাৰ্য্যালয়ৰ প্ৰায় 30 লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত কাৰ্যালয়টোৰ গাণনিক ধনটি গগৈ আৰু আন এজন বিষয়া গিয়াছ আলিক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৷ পৰৱৰ্তী সময়ত জামিনত দুয়ো মুকলি হ'ল যদিও, কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও ক্ষীপ্ৰ গতিত অব্যাহত আছে (Dibrugarh Financial Scam) ৷