ডিব্ৰুগড়, 4 জুলাই :নদী পৰ্যটনৰ গুৰুত্ব বৃদ্ধিৰ লগতে অৰ্থনৈতিক ৰূপান্তৰ সাধনৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ হ’ব অত্যাধুনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ টাৰ্মিনেল । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰে অত্যাধুনিক টাৰ্মিনেলৰ । ডিব্ৰুগড়ৰ মানকটা ফিল্ডত ৫১ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
৫১ কোটি টকাৰ ব্যয় সাপেক্ষে বগীবিলত নিৰ্মাণ হ’বলগীয়া এই জল পৰিবহণৰ যোগেদি বাণিজ্যিক ক্ষেত্ৰখনত অসমক উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগত ভিন্ন স্থানত সংযোগ কৰা লগতে পৰ্যটনৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিব বুলি আশা কৰা হৈছে । জল পৰিবহণত ৰাজ্যখনক বহিঃৰাষ্ট্ৰৰ সৈতে সংযোগ স্থাপনৰ পৰিকল্পনাৰে ৰাজ্যৰ জল পৰিবহণ দিশটো চহকী কৰি তোলাৰ সপোনৰ অংশ স্বৰূপে Inland Waterways Transport (IWT)ৰ উন্নীতকৰণৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ বগীবিলত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নদীৰ যাতায়তৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈ উঠিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে ৷