অসম

assam

ETV Bharat / state

জলপথ সম্প্ৰসাৰণৰ উদ্দেশ্যে ডিব্ৰুগড়ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সন্মিলন - মহাবাহুৰ বুকুত কাৰ্গ আৰু টুৰিষ্ট টাৰ্মিনেল নিৰ্মাণৰ প্ৰস্তুতি

দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব আভ্যন্তৰীণ জল পৰিবহণ সন্মিলন(Inland Water Transport Conference in Dibrugarh) ৷ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত 11-12 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত উপস্থিত থাকিব বাংলাদেশ আৰু নেপালৰ প্ৰতিনিধি ৷ সংবাদমেলযোগে ডিব্ৰুগড় এই বিষয়ে সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিভাগটোৱে ৷

inland-water-transport-department-press-meet-at-dibrugarh
জলপথৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে ডিব্ৰুগড়ত আভ্যন্তৰীণ জল পৰিবহণ সন্মিলন

By

Published : Apr 5, 2022, 1:19 PM IST

মৰাণ, 5 এপ্ৰিল:ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব আভ্যন্তৰীণ জল পৰিবহণ সন্মিলন(Inland Water Transport Conference in Dibrugarh) ৷ ভাৰত চৰকাৰৰ জল পৰিবহণ আৰু জাহাজ মন্ত্ৰালয়ৰ উদ্যোগত 11-12 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সন্মিলন ৷ সোমবাৰে সংবাদমেলযোগে এই কথা সদৰী কৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷

জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত উপস্থিত থাকে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, উন্নয়ন আয়ুক্ত সঞ্জয় দত্তকে ধৰি বিভাগৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া তথা কৰ্মচাৰী ৷ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰ(Chowkidingi field Dibrugarh) ত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ লগতে বাংলাদেশ আৰু নেপালৰ বহু প্ৰতিনিধিয়ে ৷

ৰাজ্যৰ জলপথ ব্যৱস্থাৰ অধিক সম্প্ৰসাৰণ ঘটোৱাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Minister Sarbananda Sonowal)ৰ নেতৃত্বত পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত কৰিবলৈ আয়োজন চলিছে এনেধৰণৰ সন্মিলনৰ ৷ শদিয়াৰ পৰা ধুবুৰীলৈ থকা 891 টা জলপথত বহু সম্পদ আৰু সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷ ইতিমধ্যে দেশত প্ৰায় 111 টা জলপথ চিনাক্ত কৰিছে মন্ত্ৰালয়ে ৷

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পুনেৰ পৰা মহানগৰীৰ পাণ্ডুলৈ মালবাহী কাৰ্গ’ জাহাজে সফলতাৰে যাত্ৰা সম্পন্ন কৰাৰ পিছতে অসমত জলপথৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ তদুপৰি নতুনকৈ অন্যান্য জলপথসমূহ চিনাক্তকৰণ কৰাৰ উদ্দেশ্যে এই বৃহৎ সন্মিলনখন আয়োজন কৰাৰ কথা প্ৰকাশ কৰিছে মন্ত্ৰালয়ে ৷ সমান্তৰালকৈ পাণ্ডুৰ উপৰিও গুইজান আৰু বগীবিলত মহাবাহুৰ বুকুত কাৰ্গ’ আৰু টুৰিষ্ট টাৰ্মিনেল নিৰ্মাণৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে চাওক:Encounter at Chirang : ডকাইতৰ গুলীত আহত আৰক্ষী বিষয়া প্ৰকাশ মেধি

For All Latest Updates

ABOUT THE AUTHOR

...view details