মৰাণ, 9 ছেপ্টেম্বৰ : যোৰহাটৰ নিমাতী ঘাটৰ শোকাৱহ নাঁও দুৰ্ঘটনাৰ পিছতে সজাগ হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে(Inland water transport ) কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ফেৰীৰ ঘাট সমূহলৈ । বিশেষকৈ ডিব্ৰুগড় সংমণ্ডলৰ অন্তগৰ্ত গুৰিজান ঘাটত চলাচল কৰা ফেৰী আৰু মালিক সকললৈ ইতিমধ্যেই বিভাগীয়ভাৱে জৰুৰী নিৰ্দেশ প্ৰদান কৰা হৈছে ।
ইফালে, বুধবাৰৰ নাঁও দুৰ্ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰীক ইতিমধ্যে নিলম্বন কৰা হৈছে ৷ এই ক্ষেত্ৰত চৰকাৰৰ ভুমিকাক লৈয়ো এক প্ৰশ্নৰ উত্থাপন হৈছে ৷ কিয়নো বিভাগৰ কৰ্মচাৰীসকলে জনোৱা মতে, বিষয়া গৰাকীয়ে ডিব্ৰুগড় জিলা উপায়ুক্তৰ যোগেদি ছুটি লৈ গুৱাহাটীলৈ গৈছিল ৷