মৰাণ, ৬ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিতৰতে জিলিকি উঠিছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় । বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে দক্ষতাৰে দায়িত্ব পালন কৰাৰ বাবে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে ।
ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালাকালয়ৰ অধীনত ৰাজ্যখনত থকা বিভাগীয় কাৰ্যালয়সমূহৰ ভিতৰত তিনিটা কাৰ্যালয়ক পুৰস্কৃত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । সূচাৰুৰূপে কৰ্তব্য পালন কৰা এই তিনিটা কাৰ্যালয়ৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে ।