অসম

assam

ETV Bharat / state

ডিব্ৰুগড় আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী - drugs container

ডিব্ৰুগড়ত আৰক্ষীৰ (Dibrugarh Police) ড্ৰাগছ বিৰোধী অভিযানত আটক এজন কুখ্যাত অপৰাধী ৷ জিলাখনত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত থকা লোকজনক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধ সফল অভিযান ৷

infamous-drug-peddler-arrested-by-dibrugarh-police
ডিব্ৰুগড় আৰক্ষীৰ জালত কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Jul 9, 2021, 10:33 AM IST

Updated : Jul 9, 2021, 10:52 AM IST

ডিব্ৰুগড়, 9 জুলাই : ডিব্ৰুগড়ত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । বৃহস্পতিবাৰে, চহৰ খনৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা ড্ৰাগছ সহ আটক হৈছে এজন লোক । ডিব্ৰুগড় চহৰৰ মিলন নগৰ আৰক্ষী চকীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা চহৰখনৰ লক্ষ্মী নগৰ পৰা ড্ৰাগছ সহ আটক কৰে উৎপল বৈৰী নামৰ এজন যুৱকক।

আৰক্ষীয়ে চহৰ খনৰ দুই নং লক্ষ্মী নগৰৰ পৰা আটক কৰে নিষিদ্ধ ড্ৰাগছ সহ উৎপল বৈৰীক। প্ৰায়, 13 গ্ৰাম ড্ৰাগছ আৰু কণ্টেনাৰ(drugs container) জব্দ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি উৎপল বৈৰী জড়িত আছিল এই ড্ৰাগছৰ সৰবৰাহ (drug peddling)ৰ কাৰ্যত। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) সমগ্ৰ ৰাজ্যৰ আৰক্ষী বিষয়া সকলক নতুনত্বৰ সৈতে আগবাঢ়ি দুষ্টক দমন আৰু শান্তক পালন কৰিব দিয়া নীতি অনুসৰি, ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া সকলৰ পৰা আৰম্ভ কৰি গৃহৰক্ষী বাহিনীৰ জোৱানলৈকে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযানত নামি পৰিছে ৷ একে সময়তে, ডিব্ৰুগড় জিলাতো জিলা আৰক্ষীয়ে ইজনৰ পিছত সিজন অপৰাধীক আটক কৰি নজিৰ সৃষ্ঠি কৰিছে ৷

লগতে পঢ়ক :অসমৰ গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব গাঁওবুঢ়া শব্দ

Last Updated : Jul 9, 2021, 10:52 AM IST

ABOUT THE AUTHOR

...view details