অসম

assam

ETV Bharat / state

Indian Army will provide special training: সামৰিক বাহিনীত মকৰল হ’বলৈ শিক্ষাৰ্থীক বিশেষ প্ৰশিক্ষণ দিব ভাৰতীয় সেনা বাহিনীয়ে - বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান

সামৰিক বাহিনীত মকৰল হ’বলৈ ছাত্ৰ-ছাত্ৰীক বিশেষ প্ৰশিক্ষণ দিব ভাৰতীয় সেনা বাহিনীয়ে ৷ সেই উদ্দেশ্যে ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত দিনজান সামৰিক চাউনীত অনুষ্ঠিত হ’ল বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান ৷

Indian Army will provide special training
সামৰিক বাহিনীত মকৰল হ’বলৈ ছাত্ৰ-ছাত্ৰীক বিশেষ প্ৰশিক্ষণ দিব ভাৰতীয় সেনা বাহিনীয়ে

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:48 AM IST

ডিব্ৰুগড়, 30 ছেপ্টেম্বৰ : ৰাজ্যৰ আৰু কেন্দ্ৰীয় চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও অসমত দিনক দিনে বৃদ্ধি পাইছে অভাৱনীয় হাৰত নিবনুৱা সমস্যা । দৰিদ্ৰতা আৰু নিবনুৱাক সমস্যাৰ বাবে বহু শিক্ষিত যুৱক-যুৱতীয়ে শেহতীয়াকৈ আলফা স্বাধীনত যোগদান কৰি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থালৈ এক প্ৰকাৰে ভাবুকি কঢ়িয়াই অনিছে । সেয়ে শিক্ষিত যুৱক-যুৱতীসকলক ভাৰতীয় সেনা বাহিনীত ভৰ্তি কৰাই সংস্থাপন দিয়াৰ লগতে দেশ মাতৃৰ সেৱাত নিয়োজিত কৰোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় সেনা বাহিনীয়ে ।

শিক্ষাৰ্থীক বিশেষ প্ৰশিক্ষণ দিব ভাৰতীয় সেনা বাহিনীয়ে

এক প্ৰকাৰে এই উদ্দেশ্য আগত ৰাখি সামৰিক বাহিনীত মকৰল হ’বলৈ ছাত্ৰ-ছাত্ৰীক বিশেষ প্ৰশিক্ষণ দিবৰ বাবে ভাৰতীয় ভাৰতীয় সেনা বাহিনীয়ে অইল ইণ্ডিয়া লিমিটেড (Oil India limited) আৰু কল ইণ্ডিয়া (Coal India)ৰ সহযোগত ভাৰতীয় সেনা বাহিনীয়ে এক বিশেষ শিক্ষা উন্নয়ন সংস্থাৰ জড়িয়তে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । শুকুৰবাৰে ডিব্ৰুগড়ৰ চাবুৱাত অৱস্থিত দিনজান সামৰিক চাউনীত সামৰিক বাহিনীয়ে আয়োজন কৰে বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান ।

দেশ মাতৃৰ সেৱাত নিয়োজিত কৰোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় সেনা বাহিনীয়ে

অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত দিনজান সামৰিক চাউনীত অনুষ্ঠিত হ’ল বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান । অইল ইণ্ডিয়া লিমিটেড (Oil India limited) আৰু কল ইণ্ডিয়া (Coal India)ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰি ভাৰতীয় সেনা বাহিনীয়ে এতিয়াৰে পৰা সামৰিক বাহিনীত মকৰল হ’ব পৰাকৈ যি পৰীক্ষা অনুষ্ঠিত হয় ৷ সেই পৰীক্ষাত যাতে যুৱক-যুৱতীসকল উত্তীৰ্ণ হ’ব পাৰে তাৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব ।

সামৰিক চাউনীত অনুষ্ঠিত হ’ল বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান

জানিব পৰা অনুসৰি, প্ৰথমাৱস্থাত 50 গৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰি এই পাঠ্যক্ৰম প্ৰদান কৰিব লগতে নিৰ্বাচিত 50 গৰাকীৰ সকলো যাৱতীয় খৰছ সেনা বাহিনীয়ে বহন কৰিব । উক্ত অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ ওপৰিও সেনা বাহিনীৰ শীৰ্ষ বিষয়া, অইল ইণ্ডিয়া আৰু কল ইণ্ডিয়াৰ বিষয়াসকলৰ লগতে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :Agniveer jawan felicitated: অগ্নিবীৰ জোৱানক নাৰেংগী সেনা ছাউনীত সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details