ডিব্ৰুগড়,26 মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ দেশজুৰি আৰম্ভ হৈছে ৰাজনৈতিক দল, নেতা-পালিনেতাৰ তৎপৰতা ৷ কোনোবাই যদি নিৰ্বাচনী প্ৰচাৰত চমক দিবলৈ ব্যৱহাৰ কৰিছে নানা কৌশল আন কোনোবাই আকৌ বিশাল শোভাযাত্ৰা বাহিৰ কৰি নিজৰ স্থিতি আৰু সৱল ৰূপ জাহিৰ কৰাত নামি পৰিছে ৷ পিচে আজি আমি এনে এজন নেতাৰ কথা ক’বলৈ লৈছোঁ যিজন নেতাই অসমৰ এটা সন্মানীয় সমষ্টিৰ পৰা এঘড়ী যুঁজিবলৈ সাজু হৈছে দুজনকৈ হেভীৱেট প্ৰাৰ্থীৰ বিৰুদ্ধে ৷
ঘাটোৱাৰ আৰু তেলীৰ বিৰুদ্ধে যুঁজিবলৈ কোন এওঁ ?
ধনবল আৰু বাহুবলক অংগুষ্ঠ প্ৰদৰ্শন কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অলিয়ে-গলিয়ে ঘূৰিছে এজন নিৰ্দলীয় প্ৰাৰ্থী ৷ হাতত এখন বেনাৰ, মাইক্ৰফ’ন আৰু চৰকাৰৰ প্ৰতাৰণাৰ এটা ফাইল লৈ এতিয়া যুঁজিবলৈ সাজু হৈছে এইগৰাকী নেতা ৷
হাতত থকা মাত্ৰ পাঁচ হাজাৰ টকা আৰু পত্নীৰ বেংক একাউণ্টত থকা মাত্ৰ 15 হাজাৰ টকাক সাৰথি কৰি ডিব্ৰুগড় সমষ্টিৰ পৰা নিৰ্দলীয় ৰূপত যুঁজিবলৈ সাজু হোৱা এইজন নেতা হৈছে মহম্মদ নুৰুল হুদা ইমদাদুল ইচলাম শইকীয়া ৷ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব লগীয়া কংগ্ৰেছ আৰু বিজেপিৰ ক্ৰমে পৱন সিং ঘাটোৱাৰ আৰু ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়া হাতত এটা মাইক্ৰফ’ন , এখন বেনাৰ আৰু দুজনকৈ প্ৰাক্তন ছাত্ৰক লগত লৈ বৃহত্তৰ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে পেছাত এইগৰাকী শিক্ষকে ৷ আন নেতাৰ দৰে কোনো বিলাসী গাড়ীত উঠি প্ৰচাৰ চলাবলৈ সামৰ্থ নথকা নেতাজনৰ হাতত আছে বৰ্তমান আৰু পূৰ্বৰ চৰকাৰে জনসাধাৰণক কৰা প্ৰতাৰণা সমূহৰ তথ্যভৰ্তি এটা ফাইল ৷ প্ৰতাৰণাৰ এই দলিল আৰু শক্তিশালী কেতবোৰ বিষয়ক আগত ৰাখিয়েই এতিয়া 9 টা বিধানসভা সমষ্টিৰে গঠিত ডিব্ৰুগড় লোকসভা সমষ্টিত এজন সাধাৰণ লোকে অকলসৰে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷
এতিয়া প্ৰশ্ন হয় , প্ৰতাৰণাৰ ফাইল হাতত লৈ ধনবল আৰু বাহুবলক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা এইগৰাকী নেতাক ডিব্ৰুগড়ৰ ৰাইজে কিদৰে আদৰি লয় সেয়া সময়েহে ক’ব ৷