মৰাণ,20 মে': সমগ্ৰ ৰাজ্যতে ক্ৰমাৎ কাল ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণাই ৷ দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াভাৱে মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজ্যৰ চাহ বাগিচাসমূহত বৃদ্ধি পাবলৈ ধৰিছে ৷ একপ্ৰকাৰ ভয়ানক ৰূপত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বাগিচাসমূহত ৷ বিগত দুটা দিনৰ ভিতৰত মৰাণৰ চেপন চাহ বাগিচাত আক্ৰান্ত হ'ল 38 গৰাকী লোক ৷
48 ঘণ্টাত চেপন চাহ বাগিচাত কৰ'ণাত আক্ৰান্ত 38 গৰাকী - মহামাৰী কৰ'ণা
মহামাৰী কৰ'ণাৰ গ্ৰাসত পৰিছে ৰাজ্যৰ চাহ বাগিচাসমূহ ৷ মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ চাহ বাগিচাসমূহত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ বিগত দুটা দিনৰ ভিতৰত মৰাণৰ চেপন চাহ বাগিচাত আক্ৰান্ত হ'ল 38 গৰাকী লোক ৷
48 ঘন্টাত চেপন চাহ বাগিচাত কৰ'ণাত আক্ৰান্ত হ'ল 38 গৰাকী
উল্লেখ্য যে, চেপন গাঁও পঞ্চায়ত আৰু চেপন চাহ বাগিচা কৰ্তৃপক্ষৰ যৌথ উদ্যোগত ক'ভিড আক্ৰান্তসকলক সুকীয়াকৈ দুটা ৱাৰ্ডত আইচ'লেচনত ৰখাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷ ইফালে চেপন বাগিচাৰ তিনিটা লাইনত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাত বাগিচাখনৰ প্ৰতিটো লাইনত চেনিটাইজ কৰাৰ লগতে শ্ৰমিকসকলক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হৈছে বুলি বাগিচা কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
লগতে পঢ়ক:মহামায়া মন্দিৰত কপিকূলক খাদ্য বিতৰণ মহকুমা আৰক্ষী বিষয়াৰ