অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পূৰ্ণগতিত চলিছে টীকাকৰণ অভিযান - টীকাকৰণ অভিযান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বৃদ্ধি পাইছে COVID-১৯ ৰ সংক্ৰমণ । সমান্তৰালকৈ জিলাখনত অব্যাহত আছে টীকাকৰণ প্ৰক্ৰিয়া । প্ৰতিষেধকৰ বাবে যোগ্য প্ৰতিগৰাকী ব্যক্তিকে প্ৰতিষেধক প্ৰদান কৰাতো নিশ্চিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে ।

ডিব্ৰুগড়ত পূৰ্ণগতিত চলিছে টীকাকৰণ অভিযান
ডিব্ৰুগড়ত পূৰ্ণগতিত চলিছে টীকাকৰণ অভিযান

By

Published : Apr 8, 2021, 7:19 PM IST

মৰাণ, ৮ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো COVID-১৯ মহামাৰীৰ সংক্ৰমণে ভয়াৱহ বিপদৰ আগজাননী দিছে । বিগত বৰ্ষতো মহামাৰীৰ সংক্ৰমণৰ আৰম্ভণিৰ সময়ত অসাৱধনতাৰ বাবে অভাৱনীয়ভাৱে বৃদ্ধি হৈছিল আক্ৰান্তৰ সংখ্যা ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল । এইবাৰো বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বৰে পৰা ক্ৰমান্বয়ে ৰাজ্যত বাঢ়িছে আক্ৰান্তৰ সংখ্যা । আনহাতে, মহামাৰীৰে যুঁজিবলৈ জিলাবোৰত পূৰ্ণগতিত চলিছে টীকাকৰণ প্ৰক্ৰিয়া ।

ডিব্ৰুগড়তো স্বাস্থ্য বিভাগে টীকাকৰণ অভিযান অব্যাহত আছে । জিলাখনত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । ৰঙালী বিহুৰ প্ৰাক ক্ষণত এনেদৰে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিয়ে চিন্তাৰ উদ্বেক কৰিছে ।

LOCATION & ASTON:ডিব্ৰুগড়(LOCATION)

লগতে পঢ়ক:তিনিচুকীয়াৰ থাৰ্মেলত অগ্নিদগ্ধ এজন কৰ্মচাৰী

ABOUT THE AUTHOR

...view details