মৰাণ, 27 এপ্ৰিল :28 এপ্ৰিল অৰ্থাৎ কালিলৈ ডিব্ৰুগড়ৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীয়ে (PM Modi to visit Assam on April 28) । এই সভালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা কেইবা লক্ষাধিক মানুহৰ সমাগম হ’ব ৷ যাৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে (Preparing for PM meeting in Dibrugarh)।
কিন্তু তেনে সময়তেই আহিছে এক উদ্বেগজনক খবৰ । প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিনাক্ত হৈছে ক'ভিড 19 ত আক্ৰান্ত ৰোগী (Covid Positive cases Increase in AMCH) । দীৰ্ঘদিনৰ পিছত ডিব্ৰুগড়ত পুনৰ এজন লোকৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰিছে । অসম চিকিৎসা মহাবিদ্যালয়ত সোমবাৰে চিনাক্ত কৰা হৈছে ক'ভিড-19 ত আক্ৰান্ত হোৱা ৰোগীজনক ।