অসম

assam

ETV Bharat / state

SBM Centre inaugurated: AMCH ত স্নেহবন্ধন স্তনপান ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন - Multipurpose day care centre

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে শুভ উদ্বোধন কৰা হ'ল "স্নেহবন্ধন স্তনপান ব্যৱস্থাপনা কেন্দ্ৰ" নামেৰে মানৱ দুগ্ধ বেংক । উক্ত কেন্দ্ৰটো উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক এম এছ লক্ষ্মীপ্ৰিয়াই । লগতে উদ্বোধন কৰা হয় হেমেট'লজী আৰু বহুমুখী ডে' কেয়াৰ চেণ্টাৰ ।

Inauguration of Snehbandhan Breastfeeding Management Centre at AMCH
AMCH ত স্নেহবন্ধন স্তনপান ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:03 PM IST

AMCH ত স্নেহবন্ধন স্তনপান ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন

ডিব্ৰুগড়,১৭ অক্টোবৰ:উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে স্বাস্থ্য বিভাগে । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাতৃ আৰু শিশু ভৱনত মঙলবাৰে মুকলি কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে "স্নেহবন্ধন স্তনপান ব্যৱস্থাপনা কেন্দ্ৰ" নামেৰে মানৱ দুগ্ধ বেংক । বিভিন্ন কাৰণত মাতৃ দুগ্ধৰ পৰা বঞ্চিত হোৱা শিশু সকলক মাতৃ দুগ্ধ প্ৰদানৰ বাবে এই ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।

এই মানৱ দুগ্ধ বেংকৰ জৰিয়তে এতিয়াৰে পৰা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দুগ্ধ বেংকত যিসকল মাতৃয়ে দুগ্ধ দিব বিচাৰে সেইসকল মাতৃয়ে দুগ্ধদান কৰিব পাৰিব আৰু যিসকল মাতৃৰ দুগ্ধৰ কম বা দুগ্ধ নোলায় সেইসকল মাতৃয়ে তেওঁলোকৰ নৱ-জাতক সন্তানক এই দুগ্ধবেংকৰ দুগ্ধ লৈ দুগ্ধপান কৰোৱাব পাৰিব । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক এম এছ লক্ষ্মীপ্ৰিয়াই মঙলবাৰে আনুষ্ঠানিকভাৱে "স্নেহবন্ধন স্তনপান ব্যৱস্থাপনা কেন্দ্ৰ" শুভ উদ্বোধন কৰে ।

বিষয়াগৰাকীয়ে মানৱ দুগ্ধ কেন্দ্ৰটো শুভ উদ্বোধন কৰি কয় যে এই কেন্দ্ৰটোৰ জৰিয়তে মাতৃ আৰু নৱজাত শিশুসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যিহেতু এই কেন্দ্ৰ প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে ইয়াক চলাই নিয়াত যথেষ্টখিনি প্ৰত্যাহ্বান আহিব । ইয়াক আগুৱাই নিয়াত চিকিৎসক আৰু কৰ্তৃপক্ষই যৌথভাৱে কাম কৰিব লাগিব বুলি উল্লেখ কৰে । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়তে মানৱ দুগ্ধ বেংক স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

আনহাতে আজি দিনটোতে অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগত হেমেট'লজী আৰু বহুমুখী ডে কেয়াৰ চেণ্টাৰ" শুভ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্যৰ মিছন ডাইৰেক্টৰ এম এছ লক্ষ্মীপ্ৰিয়াই । এই কেন্দ্ৰৰ পৰা এই ৰোগত আক্ৰান্ত ৰোগীসকলে দিনটোৰ ভিতৰতে চিকিৎসা সেৱা লাভ কৰিব পাৰিব । এই অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক প্ৰশান্ত দিহিঙ্গীয়াৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Jayanta Malla Baruah slams Congress: কংগ্ৰেছৰ নেতাসকলে ডাঙৰ ডাঙৰ আকাংক্ষা লৈ জীয়াই আছে: জয়ন্ত মল্ল

ABOUT THE AUTHOR

...view details