অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত উদ্ভাৱনী কুকুৰা উৎপাদন প্ৰকল্পৰ উদ্বোধন

ডিব্ৰুগড় লাহোৱালৰ বিধায়ক শ্ৰী ঋতুপৰ্ণ বৰুৱাই উদ্বোধন কৰিলে "উদ্ভাৱনী কুকুৰা উৎপাদন প্ৰকল্প" । লগতে, কণী আৰু মাংস উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে সৰুপথাৰ গাঁৱত মহিলাসকলৰ মাজত বিতৰণ কৰে ১৪০০ কুকৰাৰ পোৱালি ।

ডিব্ৰুগড়
ডিব্ৰুগড়ত উদ্বোধন উদ্ভাৱনী কুকুৰা উৎপাদন প্ৰকল্প

By

Published : May 13, 2020, 11:04 PM IST

ডিব্ৰুগড়, ১৩ মে': স্বনিৰ্ভৰশীতাৰ বাবে কুকুৰা পালনৰ ক্ষেত্ৰত এক নতুন সংযোজনেৰে ডিব্ৰুগড়ৰ লাহোৱালৰ বিধায়ক শ্ৰী ঋতুপৰ্ণ বৰুৱাই বুধবাৰে সমষ্টিটোৰ অন্তৰ্গত সৰুপথাৰ গাঁৱত "কুকুৰা উৎপাদন প্ৰকল্প"ৰ শুভ উদ্বোধন কৰে। "ৰাষ্ট্ৰীয় পশুধন অভিযান"ৰ অধীনত গাঁৱৰ মহিলাসকলৰ মাজত সৰ্বমুঠ ১৪০০টা কুকুৰাৰ পোৱালি বিতৰণ কৰে ।

ডিব্ৰুগড়ত উদ্বোধন উদ্ভাৱনী কুকুৰা উৎপাদন প্ৰকল্প

ফলত একোগৰাকী মহিলাই লাভ কৰে ৪০টাকৈ কুকুৰাৰ পোৱালি । বিধায়কগৰাকীয়ে জনোৱা অনুসৰি, কেৱল ডিব্ৰুগড় জিলাতে প্ৰতিদিনে ১.৫ লাখ কুকুৰা কণীৰ প্ৰয়োজন হয় । ইয়াৰে ভিতৰত প্ৰায় ৪০,০০০ কণী স্থানীয়ভাৱে আহৰণ কৰা হয় আৰু বাকীবোৰ অন্য ৰাজ্যৰ পৰা আমদানি কৰা হয় । এই ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাৰ শক্তিশালী লক্ষ্য স্থিৰ কৰিছে বিধায়ক শ্ৰী ঋতুপৰ্ণ বৰুৱাই ।

ডিব্ৰুগড়ত উদ্বোধন উদ্ভাৱনী কুকুৰা উৎপাদন প্ৰকল্প

সেয়হে বুধবাৰে উদ্বোধন কৰা বিশেষ প্ৰকল্পটোৰ জৰিয়তে লাহোৱাল সমষ্টিৰ ৫০০০ মহিলাৰ সৱলীকৰণৰ দিশত তেখেতে গুৰুত্ব আৰোপ কৰিছে আৰু এইধৰণৰ প্ৰথম প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠাত সন্তোষ প্ৰকাশ কৰিছে । ডিব্ৰুগড়ৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ উদ্যোগত আৰু লাহোৱালৰ ব্ল'ক ভেটেৰিনাৰী ডিছপেন্সাৰিৰ সহযোগত খনিকৰৰ জিলা হাঁহ-কুকুৰা ফাৰ্মে এই পোৱালিবোৰ যোগান ধৰিছে‌ ।

ABOUT THE AUTHOR

...view details