ডিব্ৰুগড়, 1 জুলাই : আজি মুখ্যমন্ত্ৰীয়ে নামৰূপত ভূটান, নেপাল আৰু বাংলাদেশলৈ মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব ৷ উল্লেখ্য যে, বিগত 14 এপ্ৰিলৰ দিনা সৰুসজাই ষ্টেডিয়ামৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীৰ বাবে উদ্বোধন কৰিছিল পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো । উদ্বোধনৰ পিছতে দৈনিক 500 টন মিথানল আৰু 200 টন ফৰ্মেনিল উৎপাদন কৰিবলৈ সক্ষম হয় প্ৰকল্পটো । ইয়াৰ পিচতে ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল, বাংলাদেশৰ বজাৰ দখলৰ বাবে আগবাঢ়িছে অসম পেট্ৰ’কেমিকেল লিমিটেডে ।
ডিব্ৰুগড় জিলাৰ নামৰূপৰ অসম পেট্ৰ’কেমিকেলচত উৎপাদিত মিথান’ল ভূটান, নেপাল বাংলাদেশলৈ ৰপ্তানিৰ কাৰ্য আনুষ্ঠানিকভাৱে 1 জুলাইৰ দিনা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নামৰূপৰ অসম পেট্ৰ’কেমিকেলচ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব এই ৰপ্তানি প্ৰক্ৰিয়া । এই ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ হ'লেই অসমৰ অৰ্থনৈতিক অৱস্থা অধিক টনকিয়াল হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।