অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক - গাঁও পঞ্চায়ত

দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷ উপস্থিত থাকে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বহুতো উচ্চ পদস্থ বিষয়া ৷

Important meeting of Dibrugarh and Tinsukia District administration
ডিব্ৰুগড়ত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Dec 22, 2020, 7:51 PM IST

ডিব্ৰুগড়, 22 ডিচেম্বৰ : দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰাথমিক অধিসূচনা জাৰি কৰাৰ পিচত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ভূমিক সামৰি ৰাষ্ট্ৰীয় উদ্যানৰ বাবে নিৰ্ধাৰিত সীমাৰ ভিতৰৰ ভূমিত কোনো ব্যক্তিৰ অধিকাৰ আৰু তেনে অধিকাৰৰ অস্তিত্ব, প্ৰকৃতি আৰু পৰিসৰ তদন্ত কৰি সেয়া নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনাৰ বাবে মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷

ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্ত দিগন্ত শইকীয়া, ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, নাহৰকটীয়া, তিনিচুকীয়া আৰু মাৰ্ঘেৰিটাৰ চক্ৰ বিষয়াসকলৰ লগতে ডিব্ৰুগড় বন সংমণ্ডল বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় সভা ৷

লগতে পঢ়ক :সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়

সভাত দুয়োখন জিলা প্ৰশাসনৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য এলেকাৰ সৈতে ৰাষ্ট্ৰীয় উদ্যান গঠনৰ বাবে নতুনকৈ সংযোজন হ’বলগীয়া এলেকাত বন বিভাগৰ সৈতে এক যুটীয়া জৰীপ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ একেদৰে, সভাত ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সংযোজন হ’বলগীয়া ভূমি আৰু তাৰ সীমা সম্পৰ্কে উক্ত অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চলৰ সবৰ্সাধাৰণ ৰাইজ অৱগত হোৱাকৈ উক্ত এলেকাসমূহৰ গছত দাগ দি সীমা চিহ্নিত কৰাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে সভাই ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভূক্ত হ’বলগীয়া ভূমি সন্দৰ্ভত কোনো ব্যক্তিৰ কোনো ওজৰ-আপত্তি থাকিলে সেয়া দাখিলৰ বাবে 60 দিনৰ সময়সীমা দি এক জাননী জাৰি কৰি উপায়ুক্ত কাৰ্যালয়ৰ পৰা গাঁও পঞ্চায়ত পৰ্যায়লৈকে সেই জাননী বহুল প্ৰচাৰৰ ব্যৱস্থা কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক :গৌৰীসাগৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ

ABOUT THE AUTHOR

...view details