মৰাণ,22 অক্টোবৰ:ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বুধবাৰে জিলাখনৰ সাতোটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰতিটো ৰাজহ চক্ৰত কোভিড প্ৰট’কলৰ পালন সম্পূৰ্ণৰূপে নিশ্চিত কৰাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ৷ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উক্ত সভাত উপায়ুক্তগৰাকীয়ে চৰকাৰী নিৰ্দেশনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে চক্ৰ বিষয়াসকলক ৷
ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক
দুৰ্গোৎসৱৰ সময়ত কোভিড প্ৰট’কলৰ পালন সম্পৰ্কত ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন ৷ উক্ত বৈঠকত উপস্থিত থাকে জিলাখনৰ সাতটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল ৷
ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক
সভাত চক্ৰ বিষয়াসকলক পূজাৰ সময়ত পথৰ সমীপত যাতে কোনো ধৰণৰ পূজা অনুষ্ঠিত নহয়, লগতে অন্যান্য ৰাজহুৱা স্থানত ভিৰ সৃষ্টি নকৰে সেয়াও নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ পূজাৰ লগত সংগতি ৰাখি চাহ বাগানসমূহত যাতে অসাধু ব্যৱসায়ীয়ে চুলাই মদ বিক্ৰী আৰু জুৱা খেল অনুষ্ঠিত কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ বিশেষভাৱে আহ্বান জনাই উপায়ুক্ত ঝায়ে ৷