অসম

assam

ETV Bharat / state

গো আইন মানি ইছলাম ধৰ্মাৱলম্বী লোকসকলে অনুষ্ঠিত কৰিব লাগিব ঈদ ঊদ জোহা : মৰাণ প্ৰশাসন - পবিত্ৰ ঈদ ঊদ জোহাক লৈ প্ৰস্তুতি তুংগত

পবিত্ৰ ঈদ ঊদ জোহাক (Eid al Adha in 2022) লৈ মজিদ সমিতি আৰু মৰাণৰ প্ৰশাসনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক ৷ গো আইন মানি ইছলাম ধৰ্মাৱলম্বী লোকসকলে অনুষ্ঠিত কৰিব লাগিব ঈদ ঊদ জোহা (Eid ul Adha in Assam) ৷

Eid al Adha in 2022
গো আইন মানি ইছলাম ধৰ্মাৱলম্বী লোকসকলে অনুষ্ঠিত কৰিব লাগিব ঈদ ঊদ জোহা : মৰাণ প্ৰশাসন

By

Published : Jul 8, 2022, 5:00 PM IST

মৰাণ, 8 জুলাই : ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ ঊদ জোহালৈ (Eid al Adha in 2022) মাজত মাত্ৰ এটা দিন বাকী । তাৰ প্ৰাক মূৰ্হতত ব্যস্ততাৰ অন্ত নাই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো পবিত্ৰ ঈদ ঊদ জোহাক লৈ প্ৰস্তুতি তুংগত কৰি তুলিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

ইয়াৰ মাজতে শুকুৰবাৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ গাঁও প্ৰধানৰ ভৱনত আয়োজন কৰা হয় মৰাণৰ প্ৰশাসন আৰু মছজিদ, ঈদগ্ৰাহ সমিতৰসমূহ বিষয়ববীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ সভা (Important meeting for discussion about new role of celebrating Eid)। উক্ত সভাত পবিত্ৰ ঈদ ঊদ জোহা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷

গো আইন মানি ইছলাম ধৰ্মাৱলম্বী লোকসকলে অনুষ্ঠিত কৰিব লাগিব ঈদ ঊদ জোহা : মৰাণ প্ৰশাসন

এই সভাত উপস্থিত থাকে মৰাণ ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মা আৰু আৰক্ষী চক্ৰ পৰিদৰ্শকগৰাকীও ৷

পূৰ্বৰ দৰেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে অনুষ্ঠিত কৰিব নোৱাৰিব ঈদ ঊদ জোহা । চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ লগতে সম্পূৰ্ণকৈ গো আইন মানি চলি অনুষ্ঠিত কৰিব লাগিব ঈদ ঊদ জোহা । উক্ত সভাত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে মৰাণৰ ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মাই ।

লগতে চৰকাৰৰ এই নিৰ্দেশনা মৰাণৰ মছজিদ, ঈদগ্ৰাহ সমিতিসমূহৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে মানি চলিব বুলিও জানিবলৈ দিয়ে । কিন্তু প্ৰকৃতাৰ্থত ইছলাম ধৰ্মাৱলম্বী লোকসকলে গো আইন আনি এইবাৰ ঈদ ঊদ জোহা অনুষ্ঠিত কৰে নে নাই সেয়াহে হ'ব লক্ষ্যণীয় (Eid ul Adha in Assam) ।

লগতে পঢ়ক :ঈদ-উজ-জোহাৰ কোৰবানীৰ ক্ষেত্ৰত জৰুৰী নিৰ্দেশনা অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details