অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বাতিল হ'ল মৰাণৰ এজন সমবায় এজেন্টৰ অনুজ্ঞাপত্ৰ - ডিব্ৰুগড় জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ

ৰাইজৰ অভিযোগৰ পাছতো এজেণ্ট বাসুদেউ চাহুৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছিল কৰিছিল মৰাণৰ সচেতন মহলে । এই সমগ্ৰ ঘটনা সম্পৰ্কে দেওবাৰে সবিস্তাৰে বাতৰি প্ৰকাশ কৰা হৈছিল ইটিভি ভাৰতত । সেই দিনা সন্ধিয়াৰ ভাগলৈ বাতিল কৰা হয় তেওঁৰ অনুজ্ঞাপত্ৰ ।

licence cancelled of a Samabai agent
licence cancelled of a Samabai agent

By

Published : Apr 27, 2020, 1:47 PM IST

মৰাণ, 27 এপ্ৰিলঃডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ তিলৈ সমবায় সমিতিৰ অন্তৰ্গত সমবায় এজেণ্ট নং ৭১বাসুদেউ চাহুৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীৰ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত থকা সদস্যৰ বিপৰীতে বিনামূলীয়া চাউল প্ৰদান কৰা নাছিল । ইয়াৰ পাছতে যোগান বিভাগৰ বিষয়াই সমবায় দোকানৰ লগতে ব্যৱসায়ী জনৰ ঘৰত অভিযান চলাইছিল । অভিযানকালত ব্যৱসায়ী জনৰ ঘৰৰ পৰা অভিযানকাৰী বিষয়াই চাউল আৰু পঞ্জীয়ন বহী জব্দ কৰে ।

অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশনাটো

লগতে পঢ়কঃসমবায়ৰ এজেণ্টৰ বিৰুদ্ধে অভিযান মৰাণত

কিন্তু ৰাইজৰ অভিযোগৰ পাছতো এজেণ্ট বাসুদেউ চাহুৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছিল মৰাণৰ সচেতন মহলে। এই সমগ্ৰ ঘটনা সম্পৰ্কে দেওবাৰে সবিস্তাৰে বাতৰি পৰিবেশন কৰা হৈছিল ইটিভি ভাৰতত । তাৰ পাচতেই দেওবাৰে সন্ধিয়াৰ ভাগত তাৎক্ষণিকভাৱে ডিব্ৰুগড় জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এক নিৰ্দেশ যোগে মৰাণৰ পিয়লি নগৰৰ সুলভ মূল্যৰ দোকানী বাসুদেউ চাহুৰ পি ডি এছ অনুজ্ঞাপত্ৰখন বাতিল কৰে।

লগতে পঢ়কঃমৰাণত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীক তেওঁলোকৰ প্ৰাপ্যতকৈ কম পৰিমাণৰ চাউল আদায় দিয়া আৰু হিতাধিকাৰীয়ে নিজ প্ৰাপ্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাওঁতে তেওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ ভিত্তিত তদন্ত কৰি আজি বিভাগটোৱে বাসুদেউ চাহুৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

প্ৰশাসনৰ পৰা জানিব পৰা মতে লক ডাউন চলি থকা সময়চোৱাত ৰাইজক বিনামূলীয়া চাউলৰ পৰা বঞ্চিত কৰাৰ লগতে অন্যান্য সামগ্ৰীৰ পৰা বঞ্চিত কৰা আৰু একে ধৰণৰ বিভিন্ন অভিযোগৰ ভিত্তিত ডিব্ৰুগড় জিলাত এই পৰ্যন্ত মুঠ সাতখন সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে ।

লগতে পঢ়কঃ COVID-19ৰ সমান্তৰালকৈ আন এক মহামাৰীৰ সংক্ৰমণ !

ABOUT THE AUTHOR

...view details