মৰাণ, 5 জুলাই :মিনি লক ডাউন (Mini Lockdown)ৰ মাজতে দেওবাৰে দুলীয়াজানৰ এজন অইলৰ কৰ্মচাৰী (Oil Employee)ৰ গেলামালৰ দোকানৰ পৰা আৰক্ষীয়ে চোৰাং বিলাতী সুৰা (Wine) জব্দ কৰে । দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ সমীপৰ সৰুপথাৰ বঙালী গাঁৱত আৰক্ষীয়ে চলায় এই অভিযান ৷ অভিযান সময়ত আৰক্ষীৰ দলটোৱে বহু পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ বটল জব্দ কৰে ।
নামৰূপৰ উপ আৰক্ষী অধীক্ষক (Deputy superintendent of police)নৱ কুমাৰ বৰাৰ নেতৃত্বত দুলীয়াজান আৰক্ষী থানাৰ উপ পৰিদৰ্শক (Sub Inspector) আভাজ্যোতি ৰাভাসহ আৰক্ষীৰ এটা দলে চলাই এই অভিযান ৷ আৰক্ষীৰ দলটোৱে দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ সমীপৰ সৰুপথাৰ বঙালী গাঁৱৰ বাসিন্দা তথা অইলৰ প্ৰডাকচন বিভাগৰ কৰ্মচাৰী শংকৰ গোৱালা আৰু অইলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যুগল গগৈৰ বাসগৃহৰ পৰা চোৰাং বিলাতী সুৰাখিনি জব্দ কৰে । জানিব পৰা মতে, শংকৰ গোৱালাৰ পত্নী বাবলী গোৱালাই আবিদুৰ ৰহমানৰ সহযোগত আৰু যুগল গগৈয়ে বাসগৃহৰ সন্মুখৰ গেলামাল দোকানত এই অবৈধ সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগত তিনিওকে আৰক্ষীয়ে আটক কৰে ।