ডিব্ৰুগড়, 24 এপ্ৰিল: দেশজুৰি চলা লক ডাউনৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ৰ একাংশ অঞ্চলত চলিছে সুৰা আৰু মাংসৰ ৰমৰমীয়া বেহা ৷ লক ডাউনৰ সময়ত নিষেধাজ্ঞা থকাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে সুৰা-মাংস আদিৰ ব্যৱসায় চলাই আহিছে ৷ ডিব্ৰুগড় সদৰ থানাৰ অন্তৰ্গত পুৰণি ৰে'ল ষ্টেচনৰ সন্মুখৰ এটা অঞ্চলত বৃহস্পতিবাৰে আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই কেবাখনো ঘৰৰ পৰা বুজন পৰিমাণৰ বিলাতী সুৰাৰ লগতে দেশীয় মদ জব্দ কৰাৰ লগতে নষ্ট কৰে সুৰা বনোৱাত ব্যৱহৃত সামগ্ৰী ৷
লক ডাউনঃ মুখ্যমন্ত্ৰীৰ গৃহ চহৰত সুৰা-মাংসৰ ৰমৰমীয়া বেহা - সৰ্বানন্দ সোণোৱাল
ডিব্ৰুগড়ৰ পুৰণি ৰে'ল ষ্টেচনৰ সমীপৰ এটা অঞ্চলত বৃহস্পতিবাৰে আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই কেবাখনো ঘৰৰ পৰা বুজন পৰিমাণৰ বিলাতী সুৰাৰ লগতে দেশীয় মদ জব্দ কৰাৰ লগতে নষ্ট কৰে সুৰা বনোৱাত ব্যৱহৃত সামগ্ৰী ৷
লক ডাউনঃ মুখ্যমন্ত্ৰীৰ গৃহ চহৰত সুৰা-মাংসৰ ৰমৰমীয়া বেহা
আবকাৰী বিভাগৰ আগমনৰ খবৰ লাভ কৰি উক্ত স্থানৰ পৰা সুৰা ব্যৱসায়ীয়ে পলায়ন কৰে যদিও সুৰা ব্যৱসায়ৰ লগত জড়িত এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ লক ডাউনৰ সময়ত যাতে কোনো লোকে নিয়ম উলংঘা কৰিব নোৱাৰে তাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন সষ্টম হৈ আছে ৷
লগতে পঢ়ক : গোলাঘাটত চাৰি বাঘ হত্যাকাৰীক গ্ৰেপ্তাৰ