মৰাণ, ৮ ছেপ্তেম্বৰ :ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং বেহা । একাংশ দুষ্টচক্ৰই বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই গৈছে । বন বিভাগৰ (Forest Department) চকুৰ সন্মুখতে একাংশ লোকে এই অবৈধ ব্যৱসায় চলাই গৈছে । অৱশ্যে এই ক্ষেত্ৰত বন বিভাগৰ কৰ্তব্যৰ ওপৰত বহু সময়ত আঙুলি তুলি আহিছে বিভিন্ন সংগঠনে ।
ইয়াৰ মাজতে ৰাইজ তথা দল-সংগঠনৰ অভিযোগৰ ভিত্তিত বহু সময়ত আৰক্ষী তথা বন বিভাগে অভিযান চলাই ৰাজ্যৰ বহু স্থানত চোৰাং কাঠ জব্দ কৰিবলৈয়ো সক্ষম হৈছে । এইবাৰ ডিব্ৰুগড়তো জব্দ হ'ল বৃহৎ পৰিমাণৰ কাঠ । অৰুণাচলৰ পৰা তিনিচুকীয়া হৈ ডিব্ৰুগড়ৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি এই কাঠখিনি সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল ।