ডিব্ৰুগড়, 27 নৱেম্বৰঃডিব্ৰুগড়ত জব্দ ছখনকৈ চোৰাং কাঠভৰ্তি ট্ৰাক ৷ চহৰখনৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলাখোৱা চেচা তিনিআলিৰ পৰা বন বিভাগে জব্দ কৰে ট্ৰাককেইখন ৷ কিন্তু বন বিভাগৰ চকুত ধুলি মাৰি পলায়ন কৰে ট্ৰাককেইখনৰ চালককেইজন ৷
ডিব্ৰুগড়ত 6 খন অবৈধ কাঠৰ ট্ৰাক জব্দ - Dibrugarh Truck Seized by DFO
ডিব্ৰুগড়ত জব্দ হয় 6খনকৈ চোৰাং কাঠভৰ্তি ট্ৰাক ৷ নম্বৰপ্লেট জালিয়াতি কৰি অৰুণাচলৰ পৰা কাঠসমূহ কঢ়িয়াই অনা অৱস্থাতে বন বিভাগে জব্দ কৰে ট্ৰাককেইখন ৷
ডিব্ৰুগড়ত 6 খন অবৈধ কাঠৰ ট্ৰাক জব্দ
ধলা, শদিয়া আৰু অৰুণাচলৰ পৰা এই চোৰাং কাঠসমূহ কঢ়িয়াই অহা হৈছিল বুলি অনুমান কৰা হৈছে ৷ আঞ্চলিক বন বিষয়াই প্ৰকাশ কৰা অনুসৰি, ট্ৰাককেইখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে, AS 06 AC 9468, AS O1 GC 9745, AS 23 BC 3609, AS 01 GC 9020, AS 25 FC 1858 আৰু আনখন ট্ৰাকৰ নম্বৰপ্লেট অস্পষ্টভাৱে হিন্দীত লিখা আছে ৷ খোৱাং, ডিব্ৰুগড় আৰু জকাই বনাঞ্চলিক বিভাগৰ যুটীয়া অভিযানত এইদৰে ট্ৰাকসমূহ জব্দ হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বনবিভাগে তদন্ত আৰম্ভ কৰিছে ৷