অসম

assam

By

Published : Dec 10, 2021, 1:06 PM IST

ETV Bharat / state

Illegal tax collection at moran : মৰাণত পাৰ্কিঙৰ নামত অবৈধ কৰ সংগ্ৰহ

মৰাণত পাৰ্কিঙৰ নামত অবৈধ কৰ সংগ্ৰহ(Illegal tax collection at Moran) ৷ মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ পাৰ্কিঙকলৈ ক্ষুব্ধ হৈ পৰিছে মৰাণবাসী ৷ বাইকৰ বাবদ 5 টকা আৰু চাৰি চকীয়া বাহনৰ বাবদ 10 টকাকৈ সংগ্ৰহ কৰি আহিছে কৰ(Illegal tax collection in parking at moran) ৷

illegal-tax-collection-in-parking-at-moran
মৰাণত পাৰ্কিঙৰ নামত অবৈধ কৰ সংগ্ৰহ

মৰাণ, 10 ডিচেম্বৰ :মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাৰ্কিঙৰ নামত অবৈধ কৰ সংগ্ৰহ কৰাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে মৰাণবাসী অবৈধ কৰ সংগ্ৰহ কৰা(Illegal tax collection at moran)ৰ নামত খোৱাং আঞ্চলিক পঞ্চায়তে "ক্লিন মৰাণ, গ্ৰীণ মৰাণ" নামেৰে একাংশ যুৱকক নিযুক্তি দি ধন সংগ্ৰহ কৰাত লাগি গৈছে । বাইকৰ বাবদ 5 টকা আৰু চাৰি চকীয়া বাহনৰ বাবদ 10 টকাকৈ সংগ্ৰহ কৰি আহিছে কৰ(Illegal parking tax collection at moran) ।

লেচীৰ অতপালিত সাৰি যোৱা নাই সাংবাদিকো ৷ কেৱল সেয়াই নহয় পথৰ দুয়োপাৰে থকা কিছু ব্যক্তিয়ে দিব লগা হৈছে দুবাৰকৈ কৰ ৷ কেৱল পকী ঘাইপথ আৰু পদ পথ পকী হোৱাৰ বাবদ কৰ সংগ্ৰহ কৰিছে লেছীয়ে (Parking tax collection at moran)। মৰাণ নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত থকা জাবৰৰ দ'ম, ঘাইপথৰ কাষৰ সৰু সৰু দোকান, আদিলৈ ভ্ৰুক্ষেপ নকৰি প্ৰচলিত আইন ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবৈধভাৱে মৰাণ নগৰত পাৰ্কিঙৰ নামত কৰ সংগ্ৰহ কৰি আহিছে লেছীয়ে ৷

মৰাণত পাৰ্কিঙৰ নামত অবৈধ কৰ সংগ্ৰহ

এই সন্দৰ্ভতত মৰাণৰ নাগৰিক সমাজে ডিব্ৰুগড় জিলা উপায়ুক্তলৈ বাৰম্বাৰ দাবী পত্ৰ প্ৰেৰণ কৰিছে আহিছে যদিও বন্ধ হোৱা নাই লেছীৰ অতপালি । ইফালে এই সমগ্ৰ বিষয়টোত প্ৰশাসনৰ কেইজনমান বিষয়াইও হাত উজান দিয়াৰো এক অভিযোগ উত্থাপিত হৈছে ।

বৰ্তমান অতি শীঘ্ৰেই এনে কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে নাগৰিক সমাজে অন্যথা আন্দোলনৰ দৰে তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে নাগৰিক সমাজে ৷

লগতে পঢ়ক :Junior Doctor Protest at AMCH : অচল বহিঃবিভাগৰ চিকিৎসা সেৱা

ABOUT THE AUTHOR

...view details