ডিব্ৰুগড়, 22 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বালিৰ অবৈধ খনন । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্ততো অবাধে চলিছে বালি আৰু পলসৰ অবৈধ খনন কাৰ্য । বিশেষকৈ ডিব্ৰুগড় কলাখোৱাৰ ইটাখুলিত চলিছে ভূ-মাফিয়াৰ চলিছে দপদপনি (Land mafia terror in Dibrugarh) । এইবাৰ বনজ সম্পদ লুণ্ঠনত চৰকাৰী গাঁওবুঢ়া জড়িত হোৱাৰো অভিযোগ তুলিছে ৰাইজে ।
অভিযোগ মতে, বন বিভাগৰ লগতে আৰক্ষীক মেনেজ কৰি খোদ চৰকাৰী গাঁওবুঢ়াৰ লগতে একাংশ নেতা-পালি নেতাই অবাধে দিহিঙৰ বুকুত চলাই আহিছে খনন কাৰ্য । খহনীয়া বিধ্বস্ত অঞ্চলৰ পৰা কেইবা কিলোমিটাৰ জুৰি বহু ফুট গভীৰ লৈকে বন মাফিয়াই চলাই গৈছে অবৈধ খনন ৷ ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ সমষ্টিৰ লেজাই কলাখোৱাৰ ইটাখুলিত চলিছে এই লুণ্ঠন (Illegal sand mining in Dibruagarh) ।
এই অঞ্চলৰ ৪৫ খনৰো অধিক ৰাজহ গাঁৱক বিপদাপন্ন কৰি দিহিং নদীৰ পাৰত দিনে নিশাই ভূ-মাফিয়াই চলাই গৈছে বালিৰ অবৈধ খনন (Illegal sand mining on Dehing River ) ৷ আশ্চৰ্যজনক বিষয় যে ৰাইজে অভিযোগ কৰা মতে বালিৰ এই অবৈধ খননত জড়িত হৈ আছে চৰকাৰী গাঁও প্ৰধানৰ লগতে একাংশ বিষয়া ।
বৃহৎ অঞ্চলৰ ৰাইজৰ অভিযোগ, ইটাখুলি অঞ্চলত বছৰ বছৰ ধৰি বালিৰ অবৈধ খনন কৰি আহিছে নিতাইপুখুৰী দুৱাৰীচিগা গাঁৱৰ গাঁও প্ৰধানৰ লগতে একাংশ নেতা-পালি নেতাই । বছৰ বছৰ ধৰি দিহিং নদীৰ প্ৰৱল খহনীয়াত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ লগতে ঘৰ-বাৰী হেৰুৱাই অহা ইটাখুলি অঞ্চলৰ ৰাইজৰ বাধা, অভিযোগকো নেওচি বালি মাফিয়াই নদীৰ কাষত আৰক্ষীৰ সহযোগত ওৰে নিশা এফালৰ পৰা এক্সকেভেটৰৰ জৰিয়তে চলাই গৈছে বালিৰ অবৈধ খনন । ৰাইজে বাধা দিলে বিভিন্ন ধৰণে ৰাইজক ভয়-ভাবুকি দিয়াৰো অভিযোগ ৷ কেৱল ইমানেই নহয়, নদীৰ বুকুতো চলিছে মেচিনৰ জৰিয়তে খনন ।