নাহৰকটীয়াত অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ - ডাম্পাৰ
নাহৰকটীয়াৰ একাংশ বালি মাফিয়াই কোনো নিবিদাৰ অবিহনে দৈনিক বুঢ়ীদিহিং নৈৰ পৰা ডাম্পাৰ আৰু জেচিবিৰ সহায়ত অবৈধ ভাৱে বালি তুলি নাহৰকটীয়াৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত বালি বিক্ৰী কৰি আহিছে । যাৰ বাবে দৈনিক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাইছে ৰাজ্য চৰকাৰে ।
![নাহৰকটীয়াত অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4435473-thumbnail-3x2-na.jpeg)
নাহৰকটীয়া,14, চেপ্তেম্বৰঃ নাহৰকটীয়াত বন বিভাগে জব্দ কৰে এখন অবৈধ বালি ভৰ্তি ডাম্পাৰ । উল্লেখযোগ্য যে,নাহৰকটীয়াৰ একাংশ বালি মাফিয়াই কোনো নিবিদাৰ অবিহনে দৈনিক বুঢ়ীদিহিং নৈৰ পৰা ডাম্পাৰ আৰু জেচিবিৰ সহায়ত অবৈধ ভাৱে বালি তুলি নাহৰকটীয়াৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত বালি বিক্ৰী কৰি আহিছে । যাৰ বাবে দৈনিক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাইছে ৰাজ্য চৰকাৰে। শনিবাৰে নাহৰকটীয়াৰ পৰা নামৰূপলৈ গৈ থকা অৱস্থাত টিপি নথকা এখন বালি ভৰ্তি ডাম্পাৰ নাহৰকটীয়াৰ হাতীগড় অঞ্চলৰ স্থানীয় ৰাইজে জব্দ কৰি গটাই দিয়ে বন বিভাগক। আনহাতে বৃহস্পতিবাৰেও বন বিভাগে অভিযান চলাই টিপি নথকা এখন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰিছিল। জব্দ হোৱা বালি খিনিৰ মূল্য কেইবা হাজাৰো অধিক বুলি জানিবলৈ দিয়ে বন বিভাগে।