ডিব্ৰুগড়, 9 জানুৱাৰী :মন্ত্ৰী বিমল বৰাৰ সমষ্টি টিংখাঙৰ বুঢ়ীদিহিঙত দিনে নিশাই চলিছে অবৈধ বালি পলস খনন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গুৰুত্বহীন কৰি ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙত চলিছে লাখ লাখ টকাৰ কৰ ফাঁকি দি অবৈধ বালি, পলস আৰু মাটি খনন ।
সচেতন ৰাইজ আৰু দল-সংগঠনৰ অভিযোগৰ পাচতো এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাত ব্যৰ্থ ডিব্ৰুগড় জিলাৰ বন বিভাগ । বন বিভাগক মেনেজ কৰি একাংশই বালি আৰু পলসৰ অবৈধ খননত উঠিপৰি লাগিছে । ফলত ডিব্ৰুগড়ৰ জকাই হৰেঘাট, খামটিঘাটত বালি পলসৰ অবাধ খননে দিহিংপৰীয়া ৩০ খনৰো অধিক গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি । আনকি বালি আৰু পলস মাফিয়াৰ উদ্ভণ্ডালিৰ বাবে ৰাজপথলৈ ওলাই যাব নোৱাৰা অৱস্থা হৈছে অঞ্চলটোৰ ৰাইজৰ ।