নাহৰকটীয়া, 23 জানুৱাৰী :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল সমূহৰ মূল্যবান বনজ সম্পদ সমূহ ক্ৰমাৎ ধ্বংস হ'বলৈ ধৰিছে ৷ শেহতীয়াকৈ বন মাফিয়াৰ কবলত পৰিছে উজনি অসমৰ অতিকে গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ দিহিং পাটকাই অভয়াৰণ্য ৷ এচাম অসাধু চক্ৰই এমূৰৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যবান গছ ৷ উল্লেখ্য যে অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য ৷ ২০০৪ চনতে জয়পুৰ,ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰা হয় ৷
বন মাফিয়াৰ কবলত দিহিং পাটকাই অভয়াৰণ্য - Illegal log business in dihing patkai wild life century
বন মাফিয়াৰ কবলত পৰিছে উজনি অসমৰ অতিকে গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই অভয়াৰণ্য ৷ অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য ৷ এচাম অসাধু চক্ৰই এমূৰৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যবান গছ ৷
অভয়াৰণ্যখনৰ আন্তঃগাঠনি শক্তিশালী কৰাৰ ক্ষেত্ৰত বনবিভাগে কোনো পদক্ষেপ লোৱা নাই বুলি মন্তব্য কৰে অভয়াৰণ্যখনৰ পৰিৱেশ কৰ্মী মৃদুপৱন ফুকনে ৷ দিহিং-পাটকাইৰ সমগ্ৰ অঞ্চলটোত ৪২ বিধ স্তন্যপায়ী প্ৰাণী,400 বিধ বনৰীয়া চৰাই,৪০ বিধ সৰীসৃপ আৰু উভচৰ, প্ৰায় তিনি শতাধিক পখিলাৰ উপৰিও অভয়াৰণ্য খনত আছে ঢেকীয়াপটীয়াকে ধৰি ৭টা প্ৰজাতিৰ মেকুৰী, টুপিমূৰীয়া লাজুকী হলৌকে ধৰি ৭টা প্ৰজাতিৰ বান্দৰৰ লগতে মূল্যবান বৃক্ষ ৷ অতিকৈ চহকী এই বনাঞ্চলৰ বনজ সম্পদ ৰক্ষণাবেক্ষণত গুৰুত্ব নাই মন্ত্ৰী পৰিমল শুক্লবদ্যৰ বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ ৷ যাৰ পৰিণতিত এতিয়া একাংশ দুস্কৃতিকাৰীয়ে বৰ্ষাৰণ্যখনৰ শুকানজুৰি নামচাং চাৰইপুংৰ অভ্যন্তৰত দিনে নিশাই চলাই গৈছে মূল্যবান গছৰ চোৰাং বেহা ৷
আৰু পঢ়ক : আমি ধৰিত্ৰী বচাব নোৱাৰিলে দেশ বচাই লাভ নাইঃ যাদৱ পায়েং