অসম

assam

ETV Bharat / state

ইটাভাটাৰ ত্ৰাসত আতংকিত ৰহমৰীয়াবাসী ৰাইজ

ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰি জিঅ' বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰখাৰ থকাৰ সময়তে অঞ্চলটোত ইটাভাটা সমূহৰ বাবে বিস্তৰ কৃষিভূমি সমূহ পৰিণত হৈছে বৃহৎ বৃহৎ পুখুৰীলৈ ৷ অবৈধভাৱে গঢ় লৈ উঠা একাংশ ইটাভাটাৰ মালিকে জেচিবি আৰু ডাম্পাৰ চলাই ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

illegal-earth-mining-at-rahmaria
ইটাভাটাৰ সন্ত্ৰাসত আতংকিত ৰহমৰীয়াৰ ৰাইজ

By

Published : Dec 23, 2020, 3:31 PM IST

Updated : Dec 23, 2020, 4:28 PM IST

মৰাণ, 23 ডিচেম্বৰ :ডিব্ৰুগড় জিলাৰৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰি জিঅ' বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰখাৰ থকাৰ সময়তে অঞ্চলটোত ইটাভাটা সমূহৰ বাবে বিস্তৰ কৃষিভূমি সমূহ পৰিণত হৈছে বৃহৎ বৃহৎ পুখুৰীলৈ ৷ অবৈধভাৱে গঢ় লৈ উঠা একাংশ ইটাভাটাৰ মালিকে জেচিবি আৰু ডাম্পাৰ চলাই ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত গৰাখহনীয়াত জুৰুলা হোৱা ৰহমৰীয়াবাসীৰ বাবে অন্য এক বিপদ আহি পৰিছে । দীৰ্ঘদিনৰ অন্তত ৰহমৰীয়াৰ ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কিছু পুঁজি মুকলি কৰি দিছে যদিও সকলো যেন এতিয়া অসাৰ হোৱাৰ পথত ।

ইটাভাটাৰ ত্ৰাসত আতংকিত ৰহমৰীয়াবাসী ৰাইজ

ৰহমৰীয়াৰ পথাৰত এতিয়া জেচিবি আৰু ডাম্পাৰে চলাইছে তাণ্ডৱ । চাবুৱাৰ ৰহমৰীয়াত বিস্তৰ কৃষিভূমি সম্প্ৰতি পৰিণত হৈছে বৃহৎ বৃহৎ পুখুৰীলৈ ৷ অবৈধভাৱে গঢ় লৈ উঠা এচাম ইটাভাটাৰ মালিকে ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । দিনে-নিশাই জেচিবি আৰু ডাম্পাৰেৰে কৃষিভূমি খনন কৰি দুষ্ট চক্ৰই মাটি সৰবৰাহ কৰি আহিছে ।

উল্লেখ্য যে, উক্ত এই ইটাভাটাৰ মালিকসকলে বন বিভাগ তথা ৰহমৰীয়াৰ আৰক্ষীক মেনেজ কৰি এই ধ্বংসকাৰ্য চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক: আস্থা ভোটত জয়ী হোৱাৰ দাবী বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

Last Updated : Dec 23, 2020, 4:28 PM IST

ABOUT THE AUTHOR

...view details