অসম

assam

ETV Bharat / state

নগাঘূলী কছাৰী লাইনত মাটি খননৰ বিৰুদ্ধে সৰৱ চাহ শ্ৰমিক ৰাইজ - ডিব্ৰুগড়

ডিব্ৰুগড়ৰ নগাঘূলী কছাৰী লাইনৰ ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খননক লৈ স্থানীয় চাহ শ্ৰমিক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ৷ জেকেএম নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ তত্বাৱধানত যধে-মধে মাটি খনন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শীঘ্ৰেই নগাঘূলী কছাৰী লাইনৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খনন বন্ধ কৰাৰ আহ্বান আটছা সংগঠনৰ ৷

illegal earth mining in Dibrugarh
ডিব্ৰুগড়ত মাটি খনন

By

Published : Dec 20, 2020, 12:26 PM IST

মৰাণ,20 ডিচেম্বৰ : ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বত অৱস্থিত নগাঘূলী কছাৰী লাইনৰ ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খননক লৈ স্থানীয় চাহ শ্ৰমিক ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

উল্লেখ্য যে, জেকেএম নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ তত্বাৱধানত মথাউৰি নিৰ্মাণৰ কামত একাংশ উপ ঠিকাদাৰে নগাঘূলী কছাৰী লাইনৰ ব্ৰহ্মপুত্ৰৰ পাৰত নীতি বহিঃভূতভাৱে যধে-মধে মাটি খনন কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । বছৰটোৰ ছমাহৰো অধিক সময় বানপানীৰ কৱলত থকা নগাঘুলী কছাৰী লাইনৰ ব্ৰহ্মপুত্ৰৰ পাৰত কৰা মাটি খনন কাৰ্যই অঞ্চলটোলৈ অনাগত দিনত তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলি স্থানীয় চাহ শ্ৰমিক ৰাইজে আশংকা প্ৰকাশ কৰিছে ।

ডিব্ৰুগড়ত মাটি খনন

আনহাতে, শীঘ্ৰেই নগাঘূলী কছাৰী লাইনৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰত মাটি খনন বন্ধ নকৰিলে ডিব্ৰুগড় জিলাৰ বন বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাই ৷

লগতে পঢ়ক :2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব অসমত:পীয়ূষ হাজৰিকা

ABOUT THE AUTHOR

...view details