ডিব্ৰুগড়, 23 মে’:আজি খান্দি উলিওৱা হ’ল IIT খড়গপুৰত মৃত্যু হোৱা অসমৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰস্থ মৃতদেহ ৷ কলিকতাৰ পৰা অহা পশ্চিম বংগৰ অপৰাধ অনুসন্ধান শাখাৰ এটা তদন্তকাৰী দলে খান্দি উলিয়ালে ফাইজানৰ মৃতদহেটো ৷ ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থান কবৰস্থ কৰা হৈছিল ফাইজানৰ মৃতদেহ (IIT student Faizan Ahmed) ৷
ইফালে, মৃতদেহ খান্দি উলিওৱাৰ সময়তে কবৰস্থানত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ কবৰ খান্দি থকাৰ সময়তে কবৰস্থানত অকৰ্তৃত্বশীলভাৱে আহি উপস্থিত হয় খড়গপুৰ আই আই টিৰ কাৰ্যকৰী পঞ্জীয়ক তমাল নাথৰ নেতৃত্বত এটা দল ৷ পৰিয়ালৰ লোকে কবৰস্থানলৈ অহাত বাধা প্ৰদান কৰে সেই দলটোক ৷ যাৰ বাবে আৰক্ষীৰ সন্মুখতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পৰিয়াল লোকৰ অভিযোগ যে আদালতৰ অনুমতি অবিহনেই খড়গপুৰ আই আই টিৰ পৰা এই দলটো আহিছে তদন্তত বেমেজালিৰ সৃষ্টি কৰিবলৈ (Faizan Ahmed body dug out) ৷
উল্লেখ্য যে বিগত বৰ্ষৰ ১৪ অক্টোৱৰত IIT খড়গপুৰৰ ছাত্ৰাবাসত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃতদেহ ৷ যাক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ প্ৰথম অৱস্থাত এই ঘটনাক আত্মহত্যা বুলি কোৱা হৈছিল যদিও পৰিয়ালৰ লোকে দাবী কৰিছিল যে প্ৰকৃততে এয়া আছিল এক হত্যাকাণ্ড ৷ যাৰ বাবে পৰিয়ালৰ দাবী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া (Assam IIT student died in IIT Kharagpur) ৷