অসম

assam

ETV Bharat / state

সংগীত চৰ্চাৰ লগতে কৃষিকৰ্মৰে উজলিছে মৰাণৰ যুৱক - Ideal youth farmer of Moran

কৃষিকৰ্মৰ জৰিয়তে আদৰ্শ হৈ পৰিছে মৰাণৰ জকাই দেউৰী গাঁৱৰ তৰুণজ্যোতি দেউৰী নামৰ এজন যুৱক । শ শ বিঘাত অমিতা, আনাৰস আদিৰ খেতি কৰাৰ উপৰিও প্ৰতিভাৱান কণ্ঠশিল্পীগৰাকীয়ে চলাই গৈছে সংগীতৰ চৰ্চা ।

youth of jokai
সংগীত চৰ্চাৰ লগতে কৃষিকৰ্মৰে উজলিছে মৰাণৰ যুৱক

By

Published : Jun 17, 2021, 7:34 PM IST

মৰাণ,১৭ জুন:সমগ্ৰ বিশ্ব এতিয়া কৰ'ণাৰ(Corona) কৰাল গ্ৰাসত । সমগ্ৰ মানৱ জাতি এতিয়া অসহায় আৰু কৰ্মহীন হোৱা দেখা গৈছে । ক'ভিড সৃষ্ট এই সময়চোৱাত প্ৰভাৱ পৰিছে নিৱনুৱা সকলৰ ওপৰতো । ৰাজ্যত পুনৰ নিৱনুৱা সমস্যাই গা কৰি উঠা পৰিলক্ষিত হৈছে । এই জটিল সময়চোৱাত কৃষি কৰ্মৰে উজলিছে ডিব্ৰুগড় জিলাৰ জকাই দেউৰী গাঁৱৰ এজন যুৱক ।

সংগীত চৰ্চাৰ লগতে কৃষিকৰ্মৰে উজলিছে মৰাণৰ যুৱক

মাটি কঁঠাল,অমিতা,লাউ আদিৰ খেতি কৰি এক আদৰ্শস্বৰূপ হৈ পৰিছে তৰুণজ্যোতি দেউৰী নামৰ যুৱকজন । প্ৰায় এহেজাৰৰো অধিক মাটি কঁঠাল,চাৰি বিঘা মাটিত অমিতাৰ খেতি কৰাৰ লগতে লাউ খেতি কৰি সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যুৱকজন ।

কেৱল কৃষিকৰ্মই নহয় যুৱকজনৰ আছে আন এক প্ৰতিভা । সুন্দৰ কণ্ঠৰ বাবে ইতিমধ্যে চৰ্চা লাভ কৰিছে যুৱকজনে । কৃষিকৰ্মৰ লগতে নিতৌ কৰি গৈছে সংগীত চৰ্চা । কেইবাটাও অসমীয়া গীতেৰে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছে । মুঠতে চৰকাৰী চাকৰিৰ(Government job) আশাত নাথাকি এনেদৰে কৃষিকৰ্মৰ জৰিয়তে এক প্ৰকাৰ বহুতৰে আদৰ্শ হৈ পৰিছে যুৱকজন ।

লগতে পঢ়ক:ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: কামৰ পৰা আঁতৰোৱা হ'ল দলং নিৰ্মাণকাৰী কোম্পানীক

ABOUT THE AUTHOR

...view details