ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ :কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে মানুহে কঠিন কামো সহজে কৰিব পাৰে য তাৰে উদাহৰণ কনক ফুকন ৷ দেওবাৰে পুৱা ঘোষণা কৰা অসম আৰক্ষী কনিষ্টবলৰ পৰীক্ষাত (Assam Police Recruitment 2022) উজলিল ডিব্ৰুগড়ৰ বকপৰা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক কনক ফুকন ।
উৰুখা চালৰ তলত দিন কটাই অতি কষ্টৰে পঢ়া-শুনা আৰু শাৰীৰিক অনুশীলন চলোৱা যুৱকজনৰ এনে সফলতাত পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে (ideal youth of Dibrugarh)। উল্লেখ্য যে, বিদ্যালয়ৰ মুখ নেদেখা পিতৃ সুনীল ফুকন আৰু মাতৃ হীৰাবতী ফুকনে শাক-পাচলি বিক্ৰী কৰি কনকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ তৃতীয় ষাণ্মাসিকত পঢ়াই আছে ।