ডিব্ৰুগড়, ২৬ এপ্ৰিল:পঞ্জাৱ আৰক্ষীক প্ৰত্যাহ্বান জনাই আটক হোৱা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে এতিয়া ডিব্ৰুগড়ৰ কাৰাগাৰত অতিবাহিত কৰিছে সময় (Amritpal Singh in Dibrugarh central jail) । ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিঙসহ আন 9 খালিস্তানী নেতা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ওপৰত দেশৰ শীৰ্ষ চোৰাংচোৱা সংস্থাৰ লগতে দেশৰ সচেতন ৰাইজৰ দৃষ্টি নিবদ্ধ হৈছে । দেওবাৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙক আটক কৰি ডিব্ৰুগড়লৈ অনাৰ পাচতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ হৈ পৰিল আৰক্ষী, কমাণ্ডোৰ বিশেষ সেনা নিৰাপত্তাৰ দুৰ্গ । ইয়াৰ মাজতেই ডিব্ৰুগড় কাৰাগাৰৰ ১৩ নম্বৰ চেলত ইন্টেলিজেন্স ব্য়ুৰ'ৰ ৫ জনীয়া দল এটাই চলাইছে মাৰাথন জেৰা (IB interrogates Amritpal Singh) । আন খালিস্তানীক নেতাই যাতে অমৃতপাল সিঙক লগ ধৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্য়ৱস্থা কৰা হৈছে ।
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙে ৰাজ আতিথ্য লাভ কৰিলেও তীব্ৰ জেৰাৰ সন্মুখীন হ'বলগা হৈছে । অমৃতপাল সিঙৰ সৈতে ডিব্ৰুগড়লৈ অহা 16 জনীয়া পঞ্জাৱ আৰক্ষীৰ দলটোৱে ডিব্ৰুগড়ত বাহৰ পাতি প্ৰতি দিনেই অমৃতপাল সিঙসহ আন 9 খালিস্তানীক নেতাক তীব্ৰ জেৰা চলাইছে । ইয়াৰ মাজতেই মঙলবাৰে অমৃতপাল সিঙক কেইবাঘন্টা ধৰি জেৰা চলালে ইন্টালিজেন্স ব্য়ুৰ' চমুকৈ আই বিয়ে । জেৰা চলোৱাৰ কথা আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যদিও জেৰাত কি তথ্য লাভ কৰিছে সেয়া জানিব পৰা হোৱা নাই । কিয়নো অমৃতপাল সিঙসহ আন সকলো খালিস্তানী নেতা সম্পৰ্কত সকলো তথ্য গোপনে ৰাখিছে (Amritpal Singh latest news) ।