অসম

assam

Biswajit Pegu transfered: বিক্ৰম কৈৰীক ডিব্ৰুগড়ৰ দায়িত্ব দি দিছপুৰলৈ বিশ্বজিৎ পেগু

By

Published : Aug 4, 2023, 9:55 AM IST

ডিব্ৰুগড়ৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান বিক্ৰম কৈৰীক ৷ আয়ুক্ত হিচাপে ডিব্ৰুগড়ৰ পৰা বিদায় ল’লে বিশ্বজিৎ পেগুৱে ৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ পেগুৰ ৷

IAS Biswajit Pegu
ডিব্ৰুগড়ৰ নতুন আয়ুক্ত বিক্ৰম কৈৰীৰ সৈতে প্ৰাক্তন আয়ুক্ত

দিছপুৰলৈ বিশ্বজিৎ পেগু

ডিব্ৰুগড়, 4 আগষ্ট : বিক্ৰম কৈৰীক ডিব্ৰুগড়ৰ আয়ুক্তৰ দায়িত্ব দি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে ডিব্ৰুগড়ৰ পৰা বিদায় ল'লে বিশ্বজিৎ পেগুৱে ৷ 2021 চনত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে যোগদান কৰা জিলা আয়ুক্ত বিশ্বজিৎ পেগুৱে বিগত এবছৰ আঠ মাহ ধৰি ডিব্ৰুগড় জিলাখনৰ উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । ডিব্ৰুগড়ৰ ৰাইজৰ প্ৰতিটো অভাৱ অভিযোগ বুজি উন্নয়নমূলক কাম কৰিবলৈ চেষ্টা কৰিছিল বিশ্বজিৎ পেগুৱে ।

এইবাৰ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে নিযুক্তি লাভ কৰিছে বিশ্বজিত পেগুৱে । ইয়াৰ পাছতে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিক্ৰম কৈৰীক ডিব্ৰুগড়ৰ আয়ুক্তৰ দায়িত্ব দি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে ডিব্ৰুগড়ৰ পৰা বিদায় লয় বিশ্বজিৎ পেগুৱে । বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া বিক্ৰম কৈৰীয়ে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।

আযুক্ত বিশ্বজিৎ পেগুক বিদায় সম্বৰ্ধনা

জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্রশাসনৰ বিষয়া-কৰ্মচাৰী সকলে নৱ-নিযুক্ত জিলা আয়ুক্তগৰাকীক আদৰণি জনায় । উল্লেখযোগ্য যে, নৱ-নিযুক্ত আয়ুক্ত গৰাকী ইয়াৰ পূৰ্বে, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ আয়ুক্ত তথা, স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ পৰিচালন সঞ্চালক হিচাপে কৰ্মৰত আছিল । আনহাতে বিভিন্ন দল- সংগঠনে আয়ুক্ত বিশ্বজিৎ পেগুক বিদায় সম্বৰ্ধনা জনায় ।

‘‘থাকি গ'ল বহু আধৰুৱা কাম । ৰৈ গ'ল বহু কৰণীয়’’, বিদায়ৰ প্ৰাকমুহুৰ্তত এইদৰে আক্ষেপেৰে কৈ গ'ল প্ৰাক্তন জিলা আয়ুক্ত পেগুৱে । ডিব্ৰুগড় জিলা উপায়ুক্ত বাসভৱনত পেগুক সাক্ষাৎ কৰি বিদায় সম্বৰ্ধনা জনোৱা কাৰ্যসূচীত পেগুৱে কয়, ‘‘কম সময়ৰ ভিতৰত জিলাখনৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ প্ৰচেষ্টা চলাইছিলো । খিলঞ্জীয়াৰ ভূমি পট্টা প্ৰদানৰ বিষয়টো গুৰুত্বসহকাৰে লৈছিলোঁ । বিশেষকৈ গৰাখহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে তৎপৰতাৰে কাম আৰম্ভ কৰিছিলোঁ ।’’

শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিযুক্তি দিয়া গৃহ আৰু ৰাজনীতি বিভাগটো অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বুলি উল্লেখ কৰি সমাজৰ উত্তৰণৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে ৰাইজৰ আশীষ কামনা কৰে প্ৰাক্তন জিলা আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক :Loksabha election 2024: যুৱ চামক লগত লৈ মছনদ দখলৰ লক্ষ্য; ৰাহুলৰ নতুন অভিযান ‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’

ABOUT THE AUTHOR

...view details