মৰাণ, 18 ডিচেম্বৰ : এজন স্বামীৰ নিকৃষ্ট মানসিকতা আৰু এক জঘন্য কাণ্ডই সমগ্ৰ মৰাণ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই চাহবাগিচাৰ ১০ নং লাইনত স্বামীৰ শাৰীৰিক অত্যাচাৰৰ বলি হয় পত্নী ৷
উল্লেখ্য যে, ১২ ডিচেম্বৰত নিজ পত্নী মামনি ওৰাঙক মাৰধৰ কৰি গুৰুত্বভাৱে আহত অৱস্থাত বক্স পালেঙত সোমোৱাই ৰাখিছিল তিলেশ্বৰ ওৰাং নামৰ যুৱকজনে ৷
ইয়াৰ পিচতে স্থানীয় ৰাইজৰ সন্দেহ উপজাত মৰাণহাট আৰক্ষী থানাত খবৰ দিয়াত তিলেশ্বৰ ওৰাঙৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ বক্স পালেঙৰ ভিতৰৰ পৰা আহত মামণিক উদ্ধাৰ কৰে ৷ লগতে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
ইফালে, বৃহস্পতিবাৰে অভিযুক্ত স্বামী তিলেশ্বৰ ওৰাঙক আৰক্ষীয়ে আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে আৰক্ষী সূত্ৰই ।
লগতে পঢ়ক: ধুবুৰীত গুৰু টেগ বাহাদুৰৰ ৩৪৫তম শ্বহীদ দিৱস উদযাপন