অসম

assam

ETV Bharat / state

মৰাণত পত্নীক কেৰাচিন ঢালি হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে - মৰাণ হিংৰীজান চাহ বাগিচা

নৱবিবাহিতা পত্নীক কেৰাচিন ঢালি হত্যা কৰাৰ অভিযোগ হৰি তাঁতী নামৰ লোকজনৰ বিৰুদ্ধে ৷ এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ হৰি তাঁতীয়ে ৰন্ধন গেছৰ পৰা পত্নী মালতী তাঁতী অগ্নিদগ্ধ হোৱা বুলি প্ৰথমে হিংৰীজান চাহ বাগিচাৰ হাস্পতাললৈ নিয়ে ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় মালতী তাঁতীয়ে ৷

পত্নীক কেৰাচিন ঢালি হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

By

Published : Nov 22, 2019, 5:54 PM IST

মৰাণ,22 নৱেম্বৰঃ মৰাণ হিংৰীজান চাহ বাগিচাৰ বৰ লাইনত অঘটন ৷ নৱবিবাহিতা পত্নীক কেৰাচিন ঢালি হত্যা কৰাৰ অভিযোগ হৰি তাঁতী নামৰ লোকজনৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, হৰি তাঁতীয়ে 9 মাহ পূৰ্ৱে চেপনৰ পৰা বিয়া কৰাইছিল মালতী তাঁতীক ৷ কিন্তু 18 নৱেম্বৰত পূৰ্ব পৰিকল্পিতভাৱে কেৰাচিন ঢালি জ্বলাই দিয়ে পত্নীক ৷ এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ হৰি তাঁতীয়ে ৰন্ধন গেছৰ পৰা পত্নী অগ্নিদগ্ধ হোৱা বুলি প্ৰথমে হিংৰীজান চাহ বাগিচাৰ হাস্পতাললৈ নিয়ে ৷ পৰৱৰ্তী সময়ত তেখেতক মৰাণ তিলৈ নগৰ সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাতে মালতী তাঁতীৰ মৃত্যু হয় ৷

পত্নীক কেৰাচিন ঢালি হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

ঘটনা সন্দৰ্ভত মালতীৰ পিতৃৰ পৰিয়ালে থানাত অভিযুক্ত হৰি তাঁতীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত 19 নৱেম্বৰৰ নিশাই মৰাণহাট আৰক্ষীয়ে 129/19 নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধিৰ 304 বি ধাৰাত হৰি তাঁতীক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে,স্থানীয় ৰাইজেও ঘটনা সন্দৰ্ভত কয় যে,হৰি তাঁতীয়ে বিয়াৰ পিছৰে পৰা পত্নী মালতী তাঁতীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল ৷

ABOUT THE AUTHOR

...view details