অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ - Dibrugarh AASU

নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত প্ৰতিবাদত বহিছে চাচনী আঞ্চলিক ছাত্ৰ সন্থা ৷ পুৱা 9 বজাৰ পৰা 24 ঘণ্টীয়া অনশনেৰে আৰম্ভ হৈছে এই প্ৰতিবাদী কাৰ্যসূচী ৷

Hunger strike by sasoni aasu dibrugarh assam etv bharat news
চাচনী আছুৰ প্ৰতিবাদ

By

Published : Sep 1, 2020, 4:42 PM IST

নাহৰকটীয়া,1 ছেপ্তেম্বৰ:নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত বিগত কিছুদিনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি আৰম্ভ কৰিছে প্ৰতিবাদ ৷ মঙলবাৰে পুনৰ একে দাবী উত্থাপন কৰি প্ৰতিবাদত বহে চাচনীবাসী ৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে পুৱা 9 বজাৰ পৰা 24 ঘণ্টীয়া অনশনেৰে আৰম্ভ হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ ছাত্ৰ সন্থাৰ সদস্যসকলক এই কাৰ্যত সহযোগ আগবঢ়াই চাচনীৰ একাংশ স্থানীয় লোকে ৷ উল্লেখ্য যে, বিগত সময়ছোৱাতো চাচনীবাসীয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত ৰাখিবলৈ সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াইছিল প্ৰায় 400 কুইণ্টল ধান ৷

চাচনী আছুৰ প্ৰতিবাদ

মঙলবাৰে প্ৰতিবাদস্থলীৰ পৰা ডিব্ৰুগড় জিলা আছুৰ লগতে চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে পৰৱৰ্তী সময়ত চৰকাৰে এই বিষয়ত গুৰুত্ব আৰোপ নকৰিলে জংগী আন্দোলনৰ মুখামুখি হ’ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওকঃকাজিনেমু আৰু কোমল চাউললৈ জি আই টেগ ...

ABOUT THE AUTHOR

...view details