ডিব্ৰুগড়, 12 মাৰ্চ :লাহোৱাল বিজেপিত খহনীয়া অব্যাহত । বিধায়ক ঋতুপৰ্ণ বৰুৱাক টিকট প্ৰদান নকৰাক কেন্দ্ৰ কৰি অব্যাহত আছে বিজেপিৰ ভিতৰচৰাত তীব্ৰ বিসম্বাদ । শুকুৰবাৰে সমষ্টিটোৰ শতাধিত বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷ লগতে মহিলা নেত্ৰী ৰঞ্জিতা বৰাইও আনুষ্ঠানিকভাৱে লাহোৱাল মণ্ডল কংগ্ৰেছত যোগদান কৰে ৷
লাহোৱাল বিজেপিত খহনীয়া : কংগ্ৰেছত যোগ দিলে শতাধিক বিজেপি কৰ্মীয়ে - বিজেপিৰ ভিতৰ চৰাত তীব্ৰ বিসম্বাদ
লাহোৱাল বিজেপিত খহনীয়া অব্যাহত । বিধায়ক ঋতুপৰ্ণ বৰুৱাক টিকট প্ৰদান নকৰাক কেন্দ্ৰ কৰি অব্যাহত আছে বিজেপিৰ ভিতৰচৰাত তীব্ৰ বিসম্বাদ । শুকুৰবাৰে সমষ্টিটোৰ শতাধিত বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷ লগতে মহিলা নেত্ৰী ৰঞ্জিতা বৰাইও আনুষ্ঠানিকভাৱে লাহোৱাল মণ্ডল কংগ্ৰেছত যোগদান কৰে ৷

লাহোৱাল সমষ্টিৰ এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰ উপস্থিতিত কংগ্ৰেছত যোগ দিয়ে বিজেপি কৰ্মীসকলে ৷ উল্লেখ্য যে, কংগ্ৰেছত যোগদান কৰাৰ পাচতে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ তোলে প্ৰাক্তন বিজেপি নেত্ৰী ৰঞ্জিতা বৰাই ৷ তেওঁ কয়, সমষ্টিটোত এতিয়া বিজেপি কৰা মহিলাসকল লাঞ্ছিত-বঞ্চিত। বিজেপিত ৩৩ শতাংশ মহিলাৰ আসনৰ নামত বঞ্চনা চলিছে । বিজেপি তৃৰ্ণমূল পৰ্যায়তেই নহয়, শীৰ্ষ নেতৃত্বত সৃষ্টি হোৱা ভিতৰুৱা ক্ষোভ শীঘ্ৰে বিস্ফোৰণ হোৱা অসমবাসীয়ে প্ৰত্যক্ষ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৰঞ্জিতা বৰাই ৷
লগতে পঢ়ক: ভাৰতৰ ভিতৰত ৫২% চাহ উৎপাদনকাৰী অসমৰ চাহ শ্ৰমিক বঞ্চিত ST মৰ্যদাৰ পৰা