অসম

assam

ETV Bharat / state

মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড়ৰ লেকাইস্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমে - পূজাশ্ৰী বৃদ্ধাশ্ৰম

নীতা আস্মিন বৰাৰ পৰিয়ালে বৃদ্ধাগৰাকীক ওৰে জীৱন বন কৰা কৰ্মী হিচাপে ৰাখি ছমাহ পূৰ্বে জীৱনৰ বিয়লি বেলাত পূজাশ্ৰী বৃদ্ধাশ্ৰমত ৰাখি থৈ আহিছিল । উল্লেখ যে মৃত্যুৰ পাছতো পৰিয়ালৰ লোকে বৃদ্ধ আইতা গৰাকীৰ মৃতদেহ নিবলৈ অহা নাছিল ।

মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড়ৰ লেকাই স্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমে
মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড়ৰ লেকাই স্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমে

By

Published : Jan 1, 2021, 9:15 PM IST

মৰাণ,1জানুৱাৰীঃডিব্ৰুগড়ৰ এক আঢ্যৱন্ত পৰিয়াল নীতা আস্মিন বৰাৰ গৃহত ওৰে জীৱন বন কৰা কৰ্মী যুগ্মী তাঁতীৰ মৃত্যুৰ পিছত ডিব্ৰুগড়ৰ লেকাইস্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমত খনিকৰবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰে আদ্য-শ্ৰাদ্ধ সমাপন কৰে ।

মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড়ৰ লেকাই স্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমে

উল্লেখযোগ্য যেন, নীতা আস্মিন বৰাৰ পৰিয়ালে বৃদ্ধাগৰাকীক ওৰে জীৱন বন কৰা কৰ্মী হিচাপে ৰাখি ছমাহ পূৰ্বে জীৱনৰ বিয়লি বেলাত পূজাশ্ৰী বৃদ্ধাশ্ৰমত ৰাখি থৈ আহিছিল । উল্লেখ যে মৃত্যুৰ পাছতো পৰিয়ালৰ লোকে বৃদ্ধ আইতা গৰাকীৰ মৃতদেহ নিবলৈ অহা নাছিল । পূজাশ্ৰী বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই উপায়ন্তৰ হৈ আশ্ৰমতে আইতা গৰাকী সৎকাৰৰ ব্যৱস্থা কৰিছিল । এটা আধ্যবন্ত পৰিয়ালৰ এনে অমানবীয় কাৰ্যক লৈ সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । কোনো পিতৃ-মাতৃয়ে যাতে এনে অবহেলাৰ সন্মুখীনৰ বলি হ'বলগীয়া নহয় আৰু সকলোৱে পিতৃ-মাতৃক যাতে সন্মান কৰে তাক সংবাদ মাধ্যমৰ জড়িয়তে আহ্বান জনালে পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

ABOUT THE AUTHOR

...view details