অসম

assam

ETV Bharat / state

অৰুণাচলত পণবন্দী মৰাণৰ 12 জন যুৱক; পুত্ৰক বিচাৰি অশ্ৰুপাত মাতৃৰ - মৰাণহাট আৰক্ষী

মৰাণৰ খুমটাই চাহ বাগিচাৰ পৰা ১২ জনকৈ যুৱকক অৰুণাচল প্ৰদেশলৈ শ্ৰমিকৰূপে প্ৰেৰণ কৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা ১৪ আগষ্টত মানৱ তাঁতী আৰু ললিত তাঁতী নামৰ খুমটাইৰ দুজন যুৱকে মৰাণৰ খুমটাই চাহ বাগিচাৰ পৰা ১২ জনকৈ যুৱকক কামত নিয়োগ কৰি দিয়াৰ উদ্দেশ্যে লৈ গৈছিল ৷

Human trafficking cell active on Upper Assam
অৰুণাচলত পণবন্দী মাৰণৰ 12 জন যুৱক

By

Published : Sep 1, 2021, 8:20 PM IST

মৰাণ, 1 ছেপ্টেম্বৰ :ৰাজ্যৰউজনিত মানৱ সৰবৰাহৰ এক বৃহৎ চক্ৰ সক্ৰিয় হৈ উঠাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে মৰাণৰ খুমটাই চাহ বাগিচাৰ পৰা ১২ জনকৈ যুৱকক অৰুণাচল প্ৰদেশলৈ শ্ৰমিকৰূপে প্ৰেৰণ কৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ খুমটাইৰ দুজন যুৱকে অজ্ঞাতে ১২ জন যুৱকক লৈ যোৱা কাৰ্যই মাক-দেউতাকৰ লগতে তেওঁলোকৰ পৰিয়াল সমূহৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ভুক্তভোগী পৰিয়ালৰ লোকে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে, যোৱা ১৪ আগষ্টত মানৱ তাঁতী আৰু ললিত তাঁতী নামৰ খুমটাইৰ দুজন যুৱকে মৰাণৰ খুমটাই চাহ বাগিচাৰ পৰা ১২ জনকৈ যুৱকক কামত নিয়োগ কৰি দিয়াৰ উদ্দেশ্যে লৈ গৈছিল ৷ যেতিয়া যুৱক কেইজনক লৈ যোৱা হৈছিল, সেই সময়ত পৰিয়ালৰ লোকক কোনো কথা অৱগত কৰা হোৱা নাছিল ৷

অৰুণাচলত পণবন্দী মাৰণৰ 12 জন যুৱক

লগতে পঢ়ক:দিল্লীত ৰাহুল গান্ধীৰে অখিল গগৈৰ বৈঠক

বৰ্তমান অৰুণাচল প্ৰদেশৰ এটা ভিতৰুৱা অঞ্চলত পথ নিৰ্মাণৰ শ্ৰমিক হিচাপে যুৱক কেইজন নিয়োজিত হৈ আছে বুলি জানিব পৰা গৈছে ৷ মানৱ তাঁতী আৰু ললিত তাঁতীক অৰুণাচলৰ পৰা যুৱক কেইজনক ঘূৰাই আনিবৰ বাবে আহ্বান জনাইও কোনো সুফল লাভ কৰা নাই পৰিয়ালৰ লোকে ৷ নিজ নিজ পুত্ৰক ঘূৰাই বিচাৰি সাংবাদিকৰ আগত কান্দি কান্দি কাতৰ আহ্বান জনাইছে যুৱক কেইজনৰ মাতৃয়ে ।

ইতিমধ্যে মৰাণহাট আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে বুলিও জানিবলৈ দিছে যুৱক কেইজনৰ মাতৃয়ে । যুৱ কেইজনক ঘূৰাই আনিবলৈ আৰক্ষীয়েও মানৱ তাঁতীক নিৰ্দেশ দিছে ৷ কিন্তু যুৱক কেইজনক ঘূৰাই অনাৰ ক্ষেত্ৰত মানৱ তাঁতীয়ে কোনো ধৰণৰ স্পষ্ট মন্তব্য প্ৰকাশ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক :এশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

উল্লেখ যে, সীমা বিবাদৰ বাবে বহিঃ ৰাজ্যৰ লগত কিছু উত্তেজনা মূলক পৰিবেশ সৃষ্টি হৈ থকা সময়ত এইদৰে ১২ জনকৈ যুৱকক পৰিয়ালৰ অজ্ঞাতে বহিঃৰাজ্যলে লৈ যোৱা বিষয়টোৱে মৰাণত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী

ABOUT THE AUTHOR

...view details