ডিব্ৰুগড়, 20 জুলাই: "কা" আইন বিৰোধী আন্দোলনত দিল্লীত সন্মুখৰ পৰা নেতৃত্ব দিয়া দিল্লী বিশ্ববিদ্যালয়,জামিয়া মিলিয়া ইছলামিয়া আৰু আলিয়াঞ্চ ফ্ৰমচেঞ্চ বিশ্ববিদ্যালয়ত অধ্যয়নৰত নামৰূপ নিবাসী অসমীয়া যুৱক অম্লান জ্যোতি গগৈৰ নেতৃত্বত নামৰূপৰ ৰাইজৰ সহযোগত সোমবাৰে নামৰূপ সাহিত্য সভা ভৱনৰ কাষত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।
অখিল গগৈৰ মুক্তিৰ দাবীত নামৰূপত মানৱ শৃংখল এই মানৱ শৃংখল কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অখিল গগৈ সহ সকলো "কা" বিৰোধী আন্দোলনৰ ৰাজনৈতিক বন্দীক মুক্তি দিয়ক,বিজেপি-আৰএচএচ গ' বেক,ফেচীবাদ নচলিব আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে নামৰূপৰ পৰিৱেশ ।
প্ৰতিবাদকাৰী সকলে নাহৰকটীয়াৰ চিত্ৰশিল্পী পৰাগ পল্লৱ খনিকৰে নেলচন মেণ্ডেলা আৰু অখিল গগৈক একেলগ কৰি অংকণ কৰা এখন বিশেষ ছবি প্ৰতীকি হিচাপে লোৱা পৰিলক্ষিত হয় ।
সোমবাৰে এই প্ৰতিবাদ নামৰূপৰ ৰাইজে কোনো দল-সংগঠনৰ বেনাৰ অবিহনে স্বতঃস্ফূৰ্তভাৱে কৰা দেখা পোৱা যায় । এই আন্দোলনক নেতৃত্ব দিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ অম্লান জ্যোতি গগৈয়ে কয় যে,অখিল গগৈ সহ সকলো "কা" আন্দোলনকাৰীক অতিশীঘ্ৰে মুক্তি নিদিলে অধিক কঠোৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু ইয়াৰ বাবে দায়ী চৰকাৰখনেই হ'ব । তেওঁ লগতে কয় যে অখিল গগৈয়ে শিৱসাগৰৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ালে তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।
লগতে চাওক-ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো