অসম

assam

By

Published : Mar 15, 2021, 7:21 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত নগদ ধন জব্দ

ডিব্ৰুগড়ত পৃথক পৃথক দুটাকৈ অভিযানত প্ৰায় 2 লাখ 85 হেজাৰ টকা জব্দ কৰা হয় ৷

ডিব্ৰুগড়ত বৃহৎ পৰিমাণ টকা জব্দ
ডিব্ৰুগড়ত বৃহৎ পৰিমাণ টকা জব্দ

ডিব্ৰুগড়,15 মাৰ্চ:নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে ডিব্ৰুগড়ত পৃথক পৃথক দুটা অভিযানত প্ৰায় 2 লাখ 85 হেজাৰ টকা জব্দ কৰা হয় ৷ ডিব্রুগড় আৰক্ষীয়ে দৈনিক তালাচী চলাই থকাৰ সময়ত ডিব্রুগড়ৰ খলিহামাৰীত সন্তোষ কুমাৰ চৌবে নামৰ এগৰাকী ব্যক্তিৰ পৰা দুই লাখ টকা জব্দ কৰা হয় ।

পৃথক অভিযানত জব্দ প্ৰায় 2 লাখ 85 হেজাৰ টকা

ইয়াৰ পাচতে আৰক্ষীয়ে ডিব্রুগড় বিধানসভা সমষ্টিৰ এছ এছ টি টিমৰ বিষয়া বিচিত্র গােপাল নাথৰ নেতৃত্বত যােৱা দলটোক নগদ ধনখিনি চমজাই দিয়ে । জিলাখনৰ ৰজাভেটা আৰক্ষী চকী আৰু ফ্লায়িং স্কোৱাড টীমে পুৰুষােত্তম তিৱাৰী নামৰ এজন লােকৰ পৰা 85 হাজাৰ টকা জব্দ কৰে ৷

লগতে পঢ়ক: মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ

ABOUT THE AUTHOR

...view details