অসম

assam

ETV Bharat / state

আমগুৰিত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

আমগুৰিৰ দুখনকৈ গাঁওৰক্ষী বাহিনীৰ বৃহৎ সফলতা ৷ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষ্যাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী (Psychotropic substances seized at Amguri)৷

Psychotropic substances seized at Amguri
আমগুৰিৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষাধিক পৰিমাণৰ ড্ৰাগছ

By

Published : Mar 24, 2022, 9:46 AM IST

আমগুৰি, 23 মাৰ্চ : আমগুৰি থানাৰ অন্তৰ্গত গণক অভয়পুৰীয়া আৰু টিঙিৰীপাম অভয়পুৰীয়া গাঁওৰক্ষী বাহিনীৰ বৃহৎ সফলতা ৷ বুধবাৰে আমগুৰিৰ টিঙিৰীপাম অভয়পুৰীয়া গাঁৱৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs seized at Amguri) ৷ জানিব পৰা মতে, জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য লক্ষ্যাধিক টকা হ’ব ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বহু দিনৰ পৰা টিঙিৰীপাম অভয়পুৰীয়া গাঁৱৰ বিশ্বকৰ্মা ৰবি দাস নামৰ ব্যক্তিজনৰ বাসগৃহত ড্ৰাগছৰ ব্যৱসায় চলি অহাৰ সন্দেহ কৰিছিল গঞা ৰাইজে ৷ কিন্তু কোনোদিনে লাভ কৰা নাছিল এই সন্দৰ্ভত সঠিক প্ৰমাণ ৷ বুধবাৰে এক গোপন সূত্ৰৰ পমখেদি অভয়পুৰীয়া গাঁৱৰ বিশ্বকৰ্মা ৰবি দাসৰ গৃহত চাৰিজন যুৱকে ৰাগিয়াল দ্ৰব্য সেৱন কৰি থকাৰ এক তথ্য লাভ কৰিছিল গাঁওৰক্ষী বাহিনীয়ে (Operation against drugs) ৷

সেই তথ্যৰ ভিত্তিতেই হঠাৎ বুধবাৰে গণক অভয়পুৰীয়া আৰু টিঙিৰীপাম অভয়পুৰীয়া গাঁওৰক্ষী বাহিনীয়ে চলাই এক অভিযান ৷

আমগুৰিৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষাধিক পৰিমাণৰ ড্ৰাগছ

লগতে খবৰ দিয়া হয় আমগুৰি আৰু নাজিৰা আৰক্ষীকো ৷ কিন্তু গাঁওৰক্ষী বাহিনী অহাৰ উমান পাই সেই স্থানৰ পৰা পলায়ন কৰে ড্ৰাগছ আসক্ত চাৰি যুৱক ৷ ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে ১১ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে এটা ভাং ছিলিম আৰু এটা ছিৰিঞ্জ ৷

উল্লেখ্য যে, যি সময়ত ৰাজ্যত বৰবিহ স্বৰূপ ড্ৰাগছে ভয়াবহ ৰূপ ধাৰণ কৰিছে, সেই সময়তে আমগুৰিৰ টিঙিৰীপাম অভয়পুৰীয়া গাঁৱত ড্ৰাগছ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :বৰপেটাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details