ডিব্ৰুগড়, ৬ জুনঃ শনিবাৰে ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান দখল কৰি টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ মানসুত্তম নেওগে ।
পঞ্চম স্থানত জিলিকিল টিংখাঙৰ মানসুত্তম নেওগ - HSLC 2020 result
হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান দখলেৰে টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে মানসুত্তম নেওগে । টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মানসুত্তম নেওগ ।

মানসুত্তম নেওগ
টিংখাঙৰ ৰাজগড় নিৱাসী তথা নীলিম আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰিজুমনী নেওগ আৰু ভাস্কৰ নেওগৰ পুত্ৰ মানসুত্তম নেওগ । সৰ্বমুঠ ৫৮৯ নম্বৰেৰে পঞ্চম স্থান দখল কৰিছে ছাত্ৰ গৰাকীয়ে ।