অসম

assam

ETV Bharat / state

গেৰেজত চীপ লোৱা অৱস্থাত উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ - OIL

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চলত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰে চাঞ্চল্যৰ সষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তথা আৱাসগৃহটোৰ গৰাকী গুণৰঞ্জন ৰাজবংশীৰ ঘৰত বিগত তিনিবছৰ ধৰি বনকৰা ছোৱালী হিচাপে থকা কিশোৰীগৰাকীৰ গেৰেজত চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৱাসীক অঞ্চলটোত ৷

house-helper-suicide-case-at-duliajan-oil-campus
গেৰেজত চীপ লোৱা অৱস্থাত উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ

By

Published : Jun 28, 2021, 11:01 AM IST

মৰাণ, 28 জুন :দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চলৰ 'বি' টাইপ ২৮ নম্বৰ আৱাসগৃহত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তথা আৱাসগৃহটোৰ গৰাকী গুণৰঞ্জন ৰাজবংশীৰ ঘৰত বিগত তিনিবছৰ ধৰি বনকৰা ছোৱালী হিচাপে আশানী কিষান নামৰ কিশোৰী গৰাকী নিয়োজিত হৈ আছিল । কিন্তু দেওবাৰে চীপ লোৱা অৱস্থাত গুণৰঞ্জন ৰাজবংশীৰ গেৰেজত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷

চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাত চীপ কাটি নমাই আনে যদিও কিশোৰী গৰাকীৰ মৃত্যু হয় ৷ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰিছে ৷

গেৰেজত চীপ লোৱা অৱস্থাত উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ

ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি আৱাসগৃহটোৰ গৰাকী গুণৰঞ্জন ৰাজবংশীক সোধ-পোছৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ কিশোৰীগৰাকীৰ এনে অপমৃত্যুৰ পাচতে, সমগ্ৰ ঘটনা এক ৰহস্যজনক ঘটনা বুলি মন্তব্য কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই উচিত তদন্ত কৰিবলৈ দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও নগাঁৱৰ ৰহাতো সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ চুমিলা ৰংহাংপী নামৰ এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুয়ে কপাঁই গৈছিল সমগ্ৰ ৰাজ্য ৷ কাৰ্বি আংলঙৰ কিশোৰী গৰাকীৰ ৰহস্য জনক হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল সমগ্ৰ অসম ৷

ঘৰৰ মুৰব্বী আৰু পুত্ৰই মিলি দীৰ্ঘদিনৰ পৰা নিৰ্যাতন চলাই অহা কিশোৰী গৰাকীৰ মৃতদেহ অৰ্ধদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল ৷ ঘৰৰ পিছফালে উদ্ধাৰ হোৱা কিশোৰী গৰাকী মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল বুলিও মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে ৷ দেওবাৰে দুলীয়াজানত সংঘটিত ঘটনাৰ আচল ৰহস্য আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাচতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক:ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ দাবী বজালীবাসীৰ

ABOUT THE AUTHOR

...view details